পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অকলশৰীয়া হােৱাৰ শংকাত সন্ত্রাসবাদ দমনৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ পক্ষ ল’বলৈ বাধ্য হৈছে। ইপিনে সন্ত্রাসবাদক লালন-পালন কৰি থকা পাক সেনাবাহিনীয়ে সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে কঠোৰ হ’বলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ অসন্তুষ্ট হােৱাই নহয়, প্ৰচাৰিত বাতৰি মতে দেশখনত ৰাজনৈতিক নেতৃত্ব আৰু সেনাৰ মাজত মতবিৰােধ আৰম্ভ হৈছে। পাকিস্তানৰ সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, নৱাজ শ্বৰীফ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মতে হয় দেশৰ সেনাই স্ব-ভূমিত থকা সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰক অন্যথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত অকলশৰীয়া হােৱাৰ বিপদক লৈ সাজু হওক। প্রকাশিত বাতৰি মতে, যোৱা সোমবাৰে সর্বদলীয় বৈঠক অনুষ্ঠত হােৱাৰ পাছত দুবাৰকৈ গোপন স্থানত নৱাজ শ্বৰীফ চৰকাৰৰ প্রতিনিধি আৰু সেনাৰ মাজত গোপন বৈঠক অনুষ্ঠিত কৰা হৈছিল। গোপন বৈঠকৰ সিদ্ধান্তমৰ্মে আই এছ আইৰ সঞ্চালকপ্রধান জেনেৰেল ৰিজৱান আখতাৰ, এন এছ এ, নাছিৰ জানুজাই দেশৰ চাৰি প্ৰদেশলৈ গৈ চৰকাৰ আৰু আই এছ আইৰ আঞ্চলিক কমাণ্ডাৰৰ সৈতে চৰকাৰৰ সিদ্ধান্ত অৱগত কৰি সমৰ্থনৰ চেষ্টা চলাব। এই বৈঠকৰ সিদ্ধান্তমৰ্মে নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ গ্রহণ কৰিলে সেনা নেতৃত্বাধীন চােৰাংচােৱা সংস্থাই যাতে হস্তক্ষেপ নকৰে। ঠিক তেনেদৰে ভাৰতৰ পঞ্জাবৰ পাঠানকোিট সন্ত্রাসবাদী আক্ৰমণৰ তদন্ত সমাপ্ত কৰাৰ বাবে নতুনকৈ পদক্ষেপ গ্রহণ কৰাৰ লগতে ২৬/১১। মুম্বাই আক্ৰমণৰ সৈতে জড়িত গোচৰ ৰাৱালপিণ্ডিৰ সন্ত্রাসবিৰােধী আদালতে পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে চৰকাৰে। গোপন বৈঠকত প্রধানমন্ত্রী শ্বৰীফৰ লগতে জ্যেষ্ঠ কেবিনেট মন্ত্রী-বিষয়াই চৰকাৰক প্রতিনিধিত্ব কৰাৰ বিপৰীতে সেনাৰ মুৰব্বীসকলে অংশগ্রহণ কৰে। এই বৈঠকতেই দুই পক্ষৰ মাজত সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদকে ধৰি আনবােৰৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্তক লৈ তীব্র বাকযুদ্ধ চলে।
Home / শংকাত পাকিস্তান
/ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অকলশৰীয়া হােৱাৰ শংকাত পাকিস্তান :: গোপন বৈঠক অনুষ্ঠিত
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment