স্বয়ং পাকিস্তানীৰে এগৰাকী আৰক্ষী বিষয়াই পাকিস্তানী প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ মিথ্যাচাৰ উদঙালে । পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই ছাৰ্জিকেল ষ্টুইক চলোৱাৰ অপপ্ৰচাৰ কৰা বুলি ভাৰত চৰকাৰক কটাক্ষ কৰি থকা প্রধানমন্ত্রী শ্বৰীফে বিগত সপ্তাহ ধৰি ভাৰতৰ ছাৰ্জিকেল ষ্ট্রাইকক অস্বীকাৰ কৰিলেও দেশখনৰে এগৰাকী আৰক্ষী বিষয়াই নিউজ চেনেলৰ সাংবাদিকৰ আগত ভাৰতৰ এই আক্রমণক স্বীকাৰ কৰিছে। পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক গুলাম আকবৰে নিউজ চেনেল এটাত দিয়া সাক্ষাৎকাৰ মতে ভাৰতৰ কমাণ্ডো অভিযানত ১২জন সন্ত্রাসবাদী নিহত হৈছে। তদুপৰি ভাৰতৰ দ্বাৰা যুদ্ধবিৰতি উলংঘন হােৱাত দুজন পাক সেনা নিহত হােৱা বুলি সংসদত প্রধানমন্ত্রী শ্বৰীফে যি মন্তব্য প্রদান কৰিছিল, তাকো খণ্ডন কৰি আৰক্ষী অধীক্ষক আকবৰে ভাৰতৰ কমাণ্ডো অভিযানত পাঁচজন পাকিস্তানী সেনা নিহত হােৱা বুলি মন্তব্য কৰিছে। আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে যোৱা ২৮ ছেপ্টেম্বৰৰ নিশা ভাৰতীয় সেনাবাহিনীৰ বিশেষ কমাণ্ডোৱে ভীমবাৰৰ চামানা, নীলমৰ দুধনিয়েল, পুঞ্চৰ হাজিৰা আৰু হাথিয়ানীবালাৰ কায়ানীত আক্রমণ কৰা বুলি তেওঁ ব্যক্তিগতভাৱে জানে বুলি মন্তব্য কৰিছে। তদুপৰি ভাৰতে আক্রমণ চলোৱা স্থানসমূহ ততালিকে পাকিস্তানী দুই পুরস্কাৰ কৰাৰ লগতে নিহত সম্রাসবাদীসকলক ওচৰৰ গাঁৱত সমাধিস্থ কৰা বুলিও অধীক্ষকগৰাকীয়ে মন্তব্য কৰিছে।
Home / নৱাজ শ্বৰীফ
/ পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ ভাৰতৰ ছাৰ্জিকেল ষ্টাইকক লৈ মিথ্যাচাৰ :: উদঙালে দেশখনৰে আৰক্ষী
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment