নগাঁও কেন্দ্রীয় কাৰাগাৰত এনিশা কটােৱাৰ পাছত কালি দুপৰীয়া লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ আৰক্ষীয়ে কাৰাগাৰতে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈক গ্রেপ্তাৰ কৰে। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাত ৰুজু হৈ থকা ১৯৯/১১ নম্বৰৰ গোচৰৰ ভিত্তিতে গগৈক গ্রেপ্তাৰ কৰে। পাছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে লখিমপুৰ বগী নদী আৰক্ষী থানালৈ গগৈক লৈ যায়। ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৯/৩৩৬/৩৩৩/৩০৭ ধাৰাৰ অধীনত ১৯৯/১১ নম্বৰ গোচৰত গ্রেপ্তাৰ কৰা গগৈক আজি লখিমপুৰ আদালতত বগীনদী আৰক্ষীয়ে হাজিৰ কৰাব। আৰক্ষী সূত্রই জনােৱা মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প, অর্থাৎ বৃহৎ নদীবান্ধৰ কাম-কাজত বাধা প্রদান কৰাৰ অভিযোগ অখিলৰ বিৰুদ্ধে বগীনদী আৰক্ষী থানাই ২০১১ চনতে এটা গোচৰ ৰুজু কৰিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment