পাকিস্তানী সেনাৰ গুলীবর্ষণ আৰু মৰ্টাৰ নিক্ষেপ এল অ' চিত অব্যাহত আছে । জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এল অ' চিৰ ভাৰতীয় ভূমিলৈ লক্ষ্য কৰি পাক সেনাই কালি প্রচণ্ড গুলীবর্ষণ কৰে। জিলাখনৰ নাওশ্বেৰা খণ্ডৰ কলছিয়ান অঞ্চলৰ ভাৰত ভূমিলৈ পাক সেনাই মর্টৰ আৰু স্বয়ংক্রিয় অস্ত্ৰৰে গুলীবর্ষণ কৰে। বিগত ৪৮ ঘণ্টাৰ ভিতৰত দশমবাৰৰ বাবে এল অ' চিত পাক সেনাই যুদ্ধবিৰতি ভংগ কৰা বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে। ইপিনে তথ্য মতে, পাক সেনাক একেই অস্ত্ৰ-শস্ত্ৰৰে প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment