দুনীতিৰ কাৰণে কংগ্ৰেছৰ ওপৰত মানুহৰ অসন্তুষ্টি:::তৰুণ গগৈ



“দুনীতিৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ ওপৰত মানুহৰ অসন্তুষ্টি বৃদ্ধি পাইছে। সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰি আদি দুনীতিৰ বাবে চৰকাৰখনৰ ওপৰত, প্রশাসনৰ ওপৰত অসমৰ জনগণ অসন্তষ্ট হৈছিল। ইয়াৰ বাবে দায়ী বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।”— এই ভাষ্য প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈৰ। কইনাধৰস্থিত বাসভৱনত এখন সংবাদ মেল আয়ােজন কৰি প্রাক্তন মুখ্য মন্ত্রী গগৈয়ে কয়— ‘পূৰ্বৰ চৰকাৰৰ ওপৰত ৭৭ শতাংশ মানুহ সন্তুষ্ট নাছিল বুলি কৈ বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম মানৱ উন্নয়ন প্রতিবেদনত অসমবাসীৰ আগত ভুলকৈ ক’ব বিচাৰিছে। বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্রী এজনৰ এনে মন্তব্য দুর্ভাগ্যজনক। এয়া ড° শৰ্মাৰ নিম্নমানৰ ৰাজনীতিৰ উদাহৰণ। অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছচিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্টৰ সহযোগত প্রস্তুত কৰা প্রতিবেদনত পূৰ্বৰ চৰকাৰৰ ওপৰত মাত্র বাৰ শতাংশ লোকৰ আস্থা থকা বুলি কৈ বিত্তমন্ত্রীয়ে গোকাট মিছা মাতিছে। প্রতিবেদনত প্রশাসনৰ ওপৰতহে ২৩ শতাংশ লোক সন্তুষ্ট নহয় বুলি প্রকাশ পাইছে। প্রতিবেদনখনৰ মতে ৫৬.৪ শতাংশ মানুহে সুখী হ’ব বিচাৰিছে। ইয়াৰ ভিতৰত কিছুসংখ্যক সম্পূর্ণ সন্তুষ্ট, আন কিছুসংখ্যক মতামতভাৱে সন্তুষ্ট। আমি প্রথমবাৰৰ বাবে মানুহৰ সুখী-অসূখী অনুভৱ সন্দৰ্ভত জনাৰ প্ৰয়াস কৰিছোঁ। প্রতিবেদন প্রস্তুত কৰা সংস্থায়ো এই কথা প্রতিবেদনৰ আৰম্ভণিতে উল্লেখ কৰিছে। ইমানৰ পিছতো বিত্তমন্ত্ৰীগৰাকীয়ে আমাৰ চৰকাৰখনৰ ওপৰত বদনাম জাপিবলৈ মিথ্যাচাৰৰ আশ্রয় লৈছে। যদি অসমৰ মাত্র বাৰ শতাংশ মানুহহে আমাৰ ওপৰত সন্তুষ্ট হ’লহেঁতেন ৩১ শতাংশ ভোট আমি কেনেকৈ পালোঁহেতেন। ৮১খন আসন পোৱা বিজেপি মিত্ৰজোঁটে মাত্ৰ ৪১ শতাংশ ভোটহে পাইছে। আমাৰ চৰকাৰৰ কাৰ্য্যকালত ২০ শতাংশ প্রশাসনৰ কামকাজত সন্তুষ্ট নহয় বুলি প্রকাশ পাইছে। ১২ শতাংশ বুলি কোৱাটাে মিছা, দুর্ভাগ্যজনক। ইয়াৰ জৰিয়তে অসমৰ জনগণক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে। তেওঁৰ কথাৰ কোনো মূল্য নাই। মই যদি বেয়া কৰিছোঁ তেওঁ দায়ী। তেওঁ সোঁহাত হৈ কাম কৰিছিল। অৱশ্যে সোঁহাত হৈ থাকি যদি ষড়যন্ত্ৰ কৰিছিল সেইটাে বেলেগ কথা।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment