বীৰ লাচিত বঁটা ড° হীৰেন গোহাঁইলৈ



লাচিত দিৱসৰ লগত সংগতি ৰাখি টাই আহােম যুৱ পৰিষদ অসমৰ কেন্দ্রীয় সমিতিয়ে চলিত বৰ্ষৰ বীৰ লাচিত বঁটা প্ৰদান কৰিব বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁইক। অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ হকে মাত মাতি অহাৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ ৰক্ষার্থে ড° গোহাঁইৰ অতুলনীয় অৱদানৰ বাবে তেওঁক এই বঁটাৰ বাবে নির্বাচিত কৰা হৈছে । অহা ২৪ নৱেম্বৰত পালন কৰিবলগীয়া ‘বীৰ লাচিত দিৱস’ত অসমৰ ৰাজ্যপাল বনোৱাৰীলাল পুৰােহিতে ড° গোহাঁইক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment