উত্তৰ-পূবত বিদ্যুৎৰ নাটনিৰ আশংকা::চৰকাৰৰ ৰহস্যজনক স্থিতি


দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ডিব্রুগড় জিলাৰ বকুলনি কঁঠালগুৰিস্থিত নীপকো প্রকল্পক গেছ যোগানত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ যাৰ বাবে অতি কম দিনৰ ভিতৰত গেছভিত্তিক প্রকল্পটোত উৎপাদন হ্রাস হৈ সমগ্র উত্তৰ-পূর্বাঞ্চলতে বিদ্যুৎৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখযোগ্য যে কঁঠালগুৰিস্থিত নীপকোৰ অসম গেছভিত্তিক শক্তি প্রকল্পৰ 33.5 মেগাৱাট ক্ষমতাসম্পন্ন 6টা গেছ টার্বাইন আৰু 30 মেগাৱাট ক্ষমতাসম্পন্ন তিনিটা ষ্টীম টার্বাইনৰ দ্বাৰা গঠিত প্রকল্পটোৰ সর্বমুঠ উৎপাদন ক্ষমতা 291 মেগাৱাট৷ উক্ত 6টা টার্বাইনৰ পৰা বিদু্যৎ উৎপাদন কৰিবৰ বাবে প্রতিদিনে গেছভিত্তিক প্রকল্পটোত 1680000 ঘন মিটাৰ প্রাকৃতিক গেছৰ প্রয়োজন হয়৷ নীপকো আৰু অইল ইণ্ডিয়াৰ মাজত থকা বাণিজ্যিক চুক্তি অনুসৰি অইলে প্রতিদিনে 1.4 মিলিয়ন মেট্রিক টন ষ্টেণ্ডার্ড কিউবিক মিটাৰ গেছ যোগান ধৰিব লাগে৷ কিন্তু এই ক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন তৈলক্ষেত্রত হোৱা কাৰিকৰী বিজুতিৰ দোহাই দি স্বাক্ষৰিত চুক্তিতকৈ অর্ধশতাংশ গেছহে যোগান দিবলৈ সক্ষম হৈছে৷ যাৰ পৰিপ্রেক্ষিতত বর্তমানে গেছভিত্তিক প্রকল্পটোৰ উৎপাদন হ্রাস পোৱা উপৰি ভৱিষ্যতে আৰু অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ আজি নীপকো কঁঠালগুৰি প্রকল্পত আয়োজিত এক সংবাদমেলত উল্লেখ কৰা অনুসৰি নীপকো কঁঠালগুৰি প্রকল্পৰ পৰা উৎপাদিত মুঠ বিদু্যতৰ 56 শতাংশ লাভ কৰে অসমে৷ নীপকোৰ প্রকল্প সঞ্চালক হৰেকৃষ্ণ চাংমাইকে ধৰি কেইবাজনো উচচপদস্থ বিষয়াই সম্ভাৱনীয় বিদু্যৎ নাটনিৰ প্রতি লক্ষ্য ৰাখি অন্যান্য ৰাজ্যৰ দৰে অসমৰ সর্বসাধাৰণ ৰাইজক বিদু্যতৰ ব্যৱহাৰৰ ক্ষেত্রত সজাগ হ’বৰ বাবে আহ্বান জনায়৷ উন্নয়নৰ বাবে অসমত এতিয়াও বিদু্যৎ পর্যাপ্ত নহয় বুলি উল্লেখ কৰি নীপকোৰ অৰুণাচল প্রদেশত নির্মীয়মাণ অৱস্থাত থকা কামেং হাইড্র’ ইলেকট্রিকেল প্রজেক্ট, পাৰে হাইড্র’ ইলেকট্রিকেল প্রজেক্ট আৰু মিজোৰামৰ টিউৰিকেল প্রজেক্টৰ কথাও অৱগত কৰে৷ ইয়াৰ উপৰি বিষয়াসকলে কালি  সাংবাদিকসকলক সমগ্র প্রকল্পটো পৰিদর্শন কৰাই কাৰিকৰী দিশৰ এক চমু বিৱৰণ দাঙি ধৰে৷ মন কৰিবলগীয়া যে যোৱা 28 আগষ্টৰ পৰা প্রকল্পটোৰ তিনিটাকৈ টার্বাইন গেছৰ অভাৱত বন্ধ হৈ আছিল যদিও দুর্গা পূজাৰ বাবে উপকণ্ঠ অঞ্চলসমূহৰ বাগিচাসমূহ বন্ধ হৈ থকা পৰিপ্রেক্ষিতত দুটা টার্বাইন কার্যক্ষম হৈ উঠিছে যদিও এটা টার্বাইন বর্তমানেও বন্ধ হৈ আছে৷ এক নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, ভাৰত চৰকাৰৰ নির্দেশ মর্মে অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকৰ উৎপাদিত গেছ সম-বিতৰণ নকৰি অধিকাংশ গেছ বি ভি এফ চি এলক প্রদান কৰি থকাৰ বাবে অন্যান্য প্রতিষ্ঠানসমূহলৈ গেছ যোগানত ব্যাঘাত জন্মিছে৷ ইয়াৰ উপৰি অসমে নীপকোক বর্তমানেও কেইবা কোটি টকা আদায় দিবলৈ বাকী আছে৷ এনে পৰিপ্রেক্ষিতত বিদু্যৎ উৎপাদনত প্রচুৰ সম্ভাৱনাময় নীপকোক অসম চৰকাৰে কিয় গুৰুত্ব প্রদান কৰা নাই সেয়াও এক ৰহস্যজনক বিষয়৷[উৎস::দৈনিক জনম ভূমি ]


Share on Google Plus

About Unknown

0 comments:

Post a Comment