
বন্ধ কোনো সমস্যাৰ সমাধান নহয় বৰঞ্চ বন্ধ আমাৰ বাবে এক অভিশাপ । এদিন বন্ধ দিয়া মানে আমি তিনিদিন পিছ পৰি যোৱা | আৰু তিনিদিনত আনবোৰ আমাতকৈ তিনিগুণ বেছি আগুৱাই যোৱা |
আজিৰ বন্ধৰ বাবে মই নিজে ভুক্তভুগী | যদিও আজিৰ বন্ধ কোচ ৰাজবংশী তথা ৬য়টি খিলঞ্জীয়া গোষ্ঠীয়ে দিছিল তথাপি মই এই বন্ধক সমৰ্থন নকৰো ।
মই নিজে এজন কোচ ৰাজবংশী ল'ৰা । মই নিজেও বিচাৰো আমাৰ অধিকাৰ পোৱাতো । কিন্তু মই এনেধৰণে অধিকাৰ লব নিবিচাৰো । আমি চিলাৰায় ৰ সেনানী আমি তেজ দিম কিন্তু আনৰ তেজৰ ভাকু নেখেলো ।
হে মোৰ জাতিৰ ভাই …… মই অনুৰোধ কৰিছো আপোনালোকৰ অনুজ হৈ …… আমি এনেধৰণৰ বন্ধ আহ্বান কৰি আমি আমাৰ অধিকাৰ নলওঁ | এনেদৰে নিজক কাপুৰুষ যেন লাগে । চিলাৰায় কাপুৰুষ নাছিল আমি কিয় কাপুৰুষ হ'ম কওঁক । আমি দেখোন তেওঁৰেই নাতি ।
বহুত দূখ লাগিছে আজি আমাক বহুতে প্ৰশ্ন কৰাৰ বাবে । যিবোৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে অলপ অসুবিধাৰ সম্মূখীন হৈছো । গতিকে আমি আজিৰ পৰা বন্ধ সংস্কৃতি বন্ধ কৰো আহঁক । তাৰ পৰিবৰ্তে আমি বিনা অস্ত হাতত লৈ এক আদৰ্শহৈ আমি আমাৰ অধিকাৰৰ বাবে যুঁজ দিম ।
অসম তথা ভাৰত চৰকাৰে ক'ম সময়ত আমাক আমাৰ অধিকাৰৱদিব বুলি আশা কৰিলো । যাতে ভৱিষ্য
তে এনেধৰণে যুঁজি থাকিব নালাগে । আৰু কথা দি যদি কথা ৰাখিব নোৱাৰে তেন্তে চৰকাৰে কথা দিয়া বন্ধ কৰক ।
অসমবাসীক মই ক্ষমা খুজিছো মই মোৰ জাতিৰ ভাই সকলৰ হৈ আজিৰ বন্ধৰ বাবে |
0 comments:
Post a Comment