এন আৰ চিৰ উন্নীতকৰণৰ কাম স্তিমিত:: ফল ভুগিব অসমৰ মুছলমানে বেছিকৈ





প্রবাল কুমাৰ কলিতাৰ এক বিশেষ প্রতিবেদন ::

লাগে ৭৫০ কৌটি দিছে মোকলাই ৩৫০ কৌটি ৷ NRC updating ৰ কাম স্তিমিত ৷ হিন্দু বাংলাদেশী ইছুৱে তাক তল পেলাই দিলে ৷ চৰকাৰে সুবিধা ললে ৷ NRC চুপ্ৰীম কোৰ্টৰ সৃস্ট এক বাস্তব ৷ কংগ্ৰেছৰ লুটি বাগৰ আৰু নানা কুটকৌশল বাগি মাৰি ৰায় দিছিল উচ্চতম ন্যায়ালয়ে ৷ পাইলট প্ৰজেক্টৰ নামত বৰপেটাত জুই লগাই দিয়া হ’ল ৷ AIUDF ৰ অসমীয়াত সৰ্বোচ্ছ নম্বৰ পোৱা বিধায়ক আছিল তাৰ নেতৃত্বত ৷

আজি বিজেপিৰ আগ্ৰাসানৰ দিনত কিছুমান মুছলমান নেতৃত্বই অসমীয়া জাতীয়তাবোধৰ হাত উজান দিছে ৷কিন্তু আজিৰ এই দিনত অসমীয়া জাতীয়তাবোধত হিন্দুত্ব উপাদান সোমাই যোৱাৰ বাবে সুবিধাবাধী মুছলিম মানসিকতা বহু পৰিমানে দায়ী ৷ অসমীয়া মানুহৰ সৰলতা আৰু মানবতাৰ পৰিছয় দিছিল১৯৫১ ৰ পৰিবৰ্তে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে গ্ৰহন কৰি ৷ কিন্তু অসমীয়া মুছলমানে তাৰ সমান্তৰাল ভাবে NRC updataion ৰ কাম কৰি নিজৰ দায়বদ্ধতা দেখুৱাব লাগিছিল বহু আগতেই৷ কিন্তু IMDT ৰ ভুতে অসমৰ হিন্দুক মুছলমানৰ পৰা নিলগাই লৈ গল ৷

আচৰিতভাবে মুছলমান নেতৃত্ব , কংগ্ৰেছ , বিজেপি আৰু বহু পৰিমানে জাতীয়তাবাদী সংগঠন সকলৰ ৰাজনৈতিক ভাবে বিচুৰ্তি খুৱাই ৰাইজে ব্যাপক হাৰত অংশ ললে NRC প্ৰক্ৰিয়াত ৷ আজমলক ইয়াৰ বাবে ধন্যবাদ দিবই লাগিব ৷ মৌলবাদী ৰাজনীতি কৰা মানুহ জনে মৌলবাদৰ জুই জ্বলোৱা নাছিল NRC প্ৰক্ৰিয়াত ৷ 
কিন্তু এতিয়া সকলোৱে পাহৰি গল NRC যে verification বাকী আছে ৷ সকলো ব্যস্ত হিন্দু বাংলাদেশীক লৈ ৷ প্ৰথমে চৰকাৰে হিচাপ কৰি লওক কিমান অবৈধ বাংলাদেশী আছে ৷ তাৰ পাছত হে হব লাগিছিল হিন্দু বাংলাদেশী অনাৰ কথা ৷ কিন্তু ঘোলা পানীতহে ৰাজনীতি জমে ৷

কথা হল অসমৰ মুছলিমে কিমান দিন এনেকৈ সুবিধাবাদী হৈ থাকিব ৷ কংগ্ৰেছৰ মিছা নিৰাপত্তাৰ আবেস্টনী হেৰোৱাৰ ফলত উগ্ৰহিন্দুত্ববাদৰ কবলত পৰি অসমীয়া অসমীয়া চিঞৰিলেও মানুহে সহজে বিশ্বাস কৰিব টান পাব৷ ইয়াৰ কাৰন ইতিহাসতে আছে ৷ বহু বছৰ ধৰি উচ্চবৰ্নৰ নেতৃত্বধীন কংগ্ৰেছৰ নেগুৰত থাকি হঠাত আজি নিৰাপত্তা হীনতাত ভোগা এই জনগোস্ঠীয়ে আগতে চিন্তা কৰিব লাগিছিল হিন্দু সংখ্যাধিক্য এখন দেশত হিন্দুত্ববাদৰ উথ্থান ঘটিলে প্ৰথমতে বলি হব পাৰে মুছলমান সমুহ ৷ হয়তো নিৰৰপত্তাৰ টোপ লৈ আকৌ ভুৱা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছ দল মুছলমানৰ মাজলৈ আহিব ৷ কিন্তু মনত ৰাখিব লগা কথাটো হল কংগ্ৰেছ দল হিন্দুত্ববিহীন হিন্দুৰ দল ৷

ইমান দিনে NRC প্ৰক্ৰিয়াৰ প্ৰতি কংগ্ৰেছী ষড়যন্ত্ৰত অনীহা দেখাই অহা অসমৰ মুছলমানৰ প্ৰধান কাম হ’ল NRC প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ মুল্যায়ন ৷ কিন্তু AIDUF কে ধৰি কোনো সংগঠনে এই দিশত মাত মাতি সাধাৰন মুছলমানক উদ্ধাৰ কৰা কামত ব্ৰতী হোৱা দেখা নাই এতিয়াও ৷ যদি NRC প্ৰক্ৰিয়া বন্ধ হয় বা স্তিমিত হয় , তাৰ ফল ভুগিব অসমৰ মুছলমানেই বেছিকৈ ৷
টোকা ::লিখনিত প্রকাশ কৰা মতামত লিখকৰ নিজ্বস্ব ৷তাৰ বাবে প্রকাশক দায়ী নহয় !
উৎস : 



Share on Google Plus

About Unknown

0 comments:

Post a Comment