শৰৎ ধৰালৈ আহিনৰ বােকোচাত উঠি অহাৰ এপষেক পাৰ হ’ল যদিও এতিয়াও কমা নাই উষ্ণতা।প্রকৃতি ধ্বংসৰ উপৰি কল- কাৰখানা আৰু যান-বাহনৰ সংখ্যা অবাধে বৃদ্ধি পোৱাৰ বাবেই ঋতু পৰিৱৰ্তনৰ সমান্তৰালভাৱে হ্রাস পোৱা নাই গৰমৰ তীব্রতা। চলিত বৰ্ষৰ অক্টোবৰৰ চাৰিটা দিনত ৰাজ্যত পূৰ্বতকৈ ৯.৭ ডিগ্ৰী চেলছিয়াছপর্যন্ত বৃদ্ধি পাইছে উষ্ণতা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য মতে গুৱাহাটী মহানগৰীৰ উপৰি ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, লখিমপুৰ আদি চহৰতো বিগত পাঁচটা বছৰত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উষ্ণতা। প্রাপ্ত তথ্য অনুসৰি ২০১২ চনৰ পহিলা অক্টোবৰৰ পৰা ৪ অক্টোবৰপর্যন্ত গুৱাহাটীৰ তাপমাত্ৰা আছিল গড়ে ২৮.৬ ডিগ্রী চেলছিয়াছ। কিন্তু এইবাৰ উক্ত সময়ছোৱাত গুৱাহাটীৰ তাপমাত্ৰা হৈছে গড়ে ৩৫.৪ ডিগ্ৰী চেলছিয়াছ। ২০১২ চনত এই সময়ছোৱাত ডিব্ৰুগড়ত তাপমাত্ৰা আছিল ২৭.৩ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত গড়ে ২৭.৮ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত গড়ে ২৭.১ ডিগ্ৰী চেলছিয়াছ আৰু শিলচৰত গড়ে ২৮.৫ ডিগ্ৰী চেলছিয়াছ। কিন্তু ২০১৬ চনত এই সময়ছোৱাত সময়ছোৱাত উষ্ণতাৰ পৰিমাণ গড়ে ৩৫.৪ চেলছিয়াছ, তেজপুৰত গড়ে ৩৪.৪ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত গড়ে ৩৪.৪ ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰৰ কর্তৃপক্ষই সদৰী কৰা মতে, চলিত বৰ্ষত স্বাভাৱিক পৰিমাণতকৈ হ্রাস পাইছে বৰষুণৰ পৰিমাণ। ফলত ৰাজ্যৰ বায়ুমণ্ডলত জলীয় বাষ্পই ছানি ধৰিছে। সেইবাবেই শৰতৰ এই সময়ছোৱাত উষওতাৰ পৰিমাণ কমা নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment