বিশিষ্ট চলচ্চিত্র সমালোচক মনােজ বৰপূজাৰীক বুছান আন্তর্জাতিক চলচ্চিত্ৰ মহােৎসৱলৈ বিচাৰক হিচাপে আমন্ত্রণ



দক্ষিণ কোৰিয়াৰ বুছান আন্তর্জাতিক চলচ্চিত্ৰ মহােৎসৱলৈ বিশিষ্ট চলচ্চিত্র সমালোচক মনােজ বৰপূজাৰীক সন্মানীয় বিচাৰক হিচাপে নিয়ন্ত্ৰণ কৰিছে। ৬-১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগীয়া এই মহােৎসৱত বিশ্বৰ ভালেকেইজন প্রসিদ্ধ ছবি পৰিচালকৰ শেহতীয়া ছবিসমূহ প্রদর্শন কৰা হ’ব। আন্দ্রেৱাহিদা,কাৰ্লচচ’ৰা, ফ্রাংক অজন, পেট্ৰ’ আলম’ডভৰ, মহহীন মখমলাবাফ, জেভিয়াৰ দোলন, মজিগ মজিদি, আজগৰ ফাৰহাদী, বুদ্ধদেৱ দাসগুপ্তাকে ধৰি বিশ্বৰ বহুকেইজন অতি সন্মানীয় চলচ্চিত্ৰ পৰিচালকৰ ছবি মহােৎসৱৰ মুখ্য আকর্ষণ হ’ব। প্রতিযোগিতাত হাওবাম পৱন কুমাৰ, অনুৰাগ কাশ্যপ,কংকনী সেন শৰ্মা, ৰাকেশ ওম প্রকাশ মেহৰাৰ দৰে যুৱ ভাৰতীয় ছবি পৰিচালকৰ ছবি আছে। উল্লেখ্য, চলচ্চিত্র সমালোচনাত ৰাষ্ট্ৰীয় স্বর্ণকমল বঁটাপ্রাপক বৰপূজাৰী এজন বিশিষ্ট কবি আৰু সাংবাদিকে। অসম চলচ্চিত্র সমাজৰ উপদেষ্টা বৰপূজাৰীয়ে এক ৰুচিশীল চলচ্চিত্র আন্দােলন গঢ় দিয়াৰ কামতাে ব্ৰতী হৈ আছে। বৰপূজাৰীয়ে হায়দৰাবাদত অনুষ্ঠিত “অল লাইটত ইণ্ডিয়া ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেলতো বিচাৰকৰ দায়িত্ব পালন কৰিছিল।বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ মহােৎসৱসমূহৰ অন্যতম বুছান আন্তর্জাতিক চলচ্চিত্র মহােৎসৱলৈ মনােজবৰপূজাৰী সন্মানীয় বিচাৰক হিচাপে নিমন্ত্রণ লাভ কৰাৰ বাবে অসম চলচ্চিত্র সমাজৰ সভাপতি ৰাজেশ্বৰ শইকীয়া, সম্পাদক ড° জয়ন্তীমাধৱ দত্ত আৰু অধ্যাপক প্রাঞ্জল বৰাই বৰপূজাৰীক অভিনন্দন জ্ঞাপন কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment