সুষমাৰ মহানুভৱতা:: পাকিস্তানৰ যুৱতীক ৰাজস্থানৰ মেডিকেল কলেজত নামভৰ্তিৰ সুবিধা কৰি দিলে





ভাৰতৰ বিদেশ মন্ত্রী সুষমা স্বৰাজে ভাৰত আৰু পাকিস্তানৰ মাজত শত্রুতা বৃদ্ধি পোৱাৰ সময়তো মহানুভৱতাৰ পৰিচয় দাঙি ধৰি পাকিস্তানৰ এগৰাকী যুৱতীক ভাৰতৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা কৰি দিছে। মানৱীয় কার্যৰ বাবে সর্বদা পৰিচিত সুষমা স্বৰাজে পাকিস্তানৰ যুৱতীগৰাকীক ৰাজস্থানৰ জয়পুৰৰ ছাৱাই মান সিং মেডিকেল কলেজত নামভর্তি কৰাত সুবিধা কৰি দিয়ে। পাকিস্তানৰ যুৱতীগৰাকীয়ে সুষমা স্বৰাজৰ এই সহায়ক কৃতজ্ঞতাৰে স্বীকাৰ কৰি কয় যে---একমাত্ৰ ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ মহানুভৱতাৰ বাবেই তেওঁ এই সুবিধা লাভ কৰে। স্বৰাজৰ এই সহায় আজীৱন মনত ৰাখিব বুলিও যুৱতীগৰাকীয়ে স্বীকাৰ কৰে।ইতিমধ্যে মেডিকেল কলেজখনত অধ্যয়ন কৰিবলৈ অহা পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এই ছাত্ৰীগৰাকীৰ নাম হ’ল মাশাল মাহেশ্বৰী।
Share on Google Plus

About Unknown

0 comments:

Post a Comment