“বলীউড়ী ষ্টাইল'ত সৰু সজাইত উদ্বোধন হল আই এছ এলৰ



সম্পূর্ণ “বলীউড়ী ষ্টাইল'ত ক্ৰীড়া-গ্লেমাৰ জগতৰ বহু ৰথী-মহাৰথীৰ উপস্থিতিত সৰু সজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম আৰম্ভ হয় আই এছ এলৰ উদ্বোধনী অনুষ্ঠান। সন্ধিয়া ৫.৩০ বজাত এই বর্ণিল অনুষ্ঠান আৰম্ভ হয় মোহময়ী অভিনেত্রী জেকুলিন ফার্নাণ্ডেজৰ নৃত্যানুষ্ঠানেৰে। ইয়াৰ পাছতেই নৰ্থ-ইষ্ট ইউনাইটেডৰ স্বত্বাধিকাৰ তথা জনপ্রিয় অভিনেতা জন আব্রাহামে 'ধূম'ৰ গীতৰ তালে তালে বাইকেৰে আহি মঞ্চত উপস্থিত হােৱাৰ লগে লগেই দৰ্শকৰ হাত চাপৰিত ৰজনজনায় ষ্টেডিয়াম। দর্শকক অভিবাদন জনাই অভিনেতাগৰাকীয়ে মঞ্চলৈ আমন্ত্রণ জনায় আন এগৰাকী জনপ্রিয় অভিনেতা অভিষেক বচ্চনক। ইয়াৰ পাছতেই দুয়োগৰাকী অভিনেতাই মঞ্চলৈ আদৰে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধােনীক। ইয়াৰ পিছমুহূর্ততেই আলোকসজ্জিত হাতীৰ প্রতীকপটত উঠি মঞ্চলৈ আগমন ঘটে ক্রিকেটৰ ভগৱান’ শচীন তেণ্ডুলকাৰৰ। এই মঞ্চতেই ফুটবলক আগুৱাই নিয়াৰ বাবে সংঘবদ্ধ হয় শচীন তেণ্ডুলকাৰ আৰু জন আব্রাহাম। উল্লেখ্য যে উদ্বোধনী মেচৰ দুই দলৰ নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছৰ স্বত্বাধিকাৰ ক্ৰমে জন আব্রাহাম আৰু শচীন তেণ্ডুলকাৰ। লগে লগে অভিনেত্রী আলিয়া ভাট আৰু বৰুণ ধাৱানৰ নৃত্যনুষ্ঠানে মুগ্ধ কৰে উপস্থিত দর্শকক। এই সময়তে জনপ্রিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু শেহতীয়া অলিম্পিকত ব্ৰঞ্জ বিজয়ী শ্বাটলাৰ পি ভি আমন্ত্ৰণ জনােৱা হয়। হাতত বল লৈ সিন্ধুৱে মঞ্চলৈ আহি নীতা আম্বানিৰ হাতত বল তুলি দিয়াৰ পাছতেই খেলৰ শুভাৰম্ভণি হােৱা বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে  উদ্বোধনী অনুষ্ঠানত অসমৰ সর্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মন্ত্রী নৱ দলে, ৰিহণ দৈমাৰীকে ধৰি কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আগন্তুক দিনত গুৱাহাটীক ভাৰতৰ ক্রীড়াৰ ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰি আই এছ এলক সফল কৰাত ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রীগৰাকীক মঞ্চলৈ আমন্ত্রণ নজনোৱা বিষয়টােৱে উপস্থিত ক্রীড়ানুৰাগীৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment