পাক অধিকৃত নিষিদ্ধ কাশ্মীৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত এতিয়া প্ৰতিজন ভাৰতীয়ৰ মনত এতিয়া এটাই প্রশ্ন— এখন আসন্ন যুদ্ধৰ দিশে ধাৱমান হৈছে নেকি ভাৰত-পাকিস্তান।যোৱা ২৮ ছেপ্টেম্বৰৰ অমাৱস্যাৰ নিশা পাক অধিকৃত কাশ্মীৰত ছাৰ্জিকেল আক্রমণ চলাই ভাৰতীয় সেনাই পাক মদতপুষ্ট সন্ত্রাসবাদী সংগঠনৰ সাতটাকৈ শিবিৰ ধ্বংস কৰাৰ লগতে প্রায় ৫০জন সন্ত্রাসবাদীক হত্যা কৰা ঘটনা আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত বিশেষভাৱে চৰ্চিত হৈছে। সন্ত্রাসবাদৰ পৃষ্ঠপােষক ৰাষ্ট্ৰ হিচাপে ইতিমধ্যেই পাকিস্তানক প্রত্যক্ষভাৱে জগৰীয়া কৰিছে বিশ্বৰ ছুপাৰ পাৱাৰ আমেৰিকা, ৰাছিয়াকে ধৰি অন্যান্য বহু ৰাষ্ট্রই। পাকিস্তানক কূটনৈতিকভাৱে এঘৰীয়া” কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সকলো প্রচেষ্টা সফলতাৰে সম্পন্ন কৰিলেও দেশৰ সেনাবাহিনীক পাকিস্তানৰ সম্ভাব্য প্রত্যাক্ৰমণৰ বাবে সাজু থাকিবলৈ ইতিমধ্যেই নির্দেশ দিছে। চুবুৰীয়া শত্রু ৰাষ্ট্ৰখনৰ সম্ভাব্য আক্রমণ প্রতিহত কৰিবলৈ আন্তর্জাতিক সীমাৰেখাত ভাৰতীয় সেনাৰ পূৰ্ণগতিৰ সমৰসজ্জাই চিন্তিত কৰি তুলিছে ইছলামাবাদ প্রশাসনক। অকল পাকিস্তানকে নহয়, ভাৰতৰ এনে ৰক্ষণাত্মক আক্ৰমণৰ নীতিয়ে ভীতিগ্রস্ত কৰি তুলিছে পাক অধিকৃত কাশ্মীৰত শিবিৰ পাতি ভাৰত আক্ৰমণৰ পৰিকল্পনা কৰা জইচ-ই- মহম্মদ, লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীনৰ দৰে সন্ত্রাসবাদী সংগঠনে। চােৰাংচােৱা সূত্রই সদৰী কৰা তথ্য মতে, যোৱা ২৮ ছেপ্টেম্বৰৰ নিশাৰ দৰে পুনৰ ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰাৰ শংকৰে ইতিমধ্যেই অঞ্চলটােৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে শ শ সন্ত্রাসবাদী। চােৰাংচােৱাৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি পাক অধিকৃত কাশ্মীৰত স্থাপন কৰা শিবিৰসমূহত জইচ, লস্কৰ আৰু হিজবুলৰ প্ৰায় ৫০০তকৈও অধিক দুর্ধর্ষ সদস্য বাহৰ পাতি আছিল। ইয়াৰ ভিতৰত প্রায় ৩০০জনতকৈও অধিক সন্ত্রাসবাদী পাক অধিকৃত কাশ্মীৰৰ শিবিৰ এৰি ইতিমধ্যেই পলায়ন কৰিছে।
ভাৰত-পাকিস্তানৰ যুদ্ধ হব নেকি ? ৩০০ পাক সন্ত্রাসবাদীৰ পলায়ন

0 comments:
Post a Comment