তিব্বতত থকা ব্ৰহ্মপত্ৰৰ উৎপক্তিস্থলী "য়াৰলুং জাংব’ত চীনে নির্মাণ কৰিবলৈ আৰম্ভ কৰিছে বৃহৎ জলবিদ্যুৎ প্রকল্প। এই জলবিদ্যুৎ প্রকল্পক লৈ এতিয়া সংকট নামি আহিছে চীন সংলগ্ন ভাৰতৰ অসম তথা উত্তৰ-পূব আৰু ছিকিমলৈ। সমান্তৰালভাৱে বাংলাদেশেও ইয়াৰ ফল ভুগিব লাগিব। উল্লেখ্য যে ২০১৪ চনৰ জুন মাহত চীন এই বৃহৎ জলবিদ্যুৎ প্রকল্পটােৰ কাম আৰম্ভ কৰি পূৰ্ণ গতিত নির্মাণ চলাই আছে। ২০১৯ চনত প্রকল্পটাে সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা চীনৰ এই পদক্ষেপৰ ফলত ব্ৰহ্মপুত্ৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাটাে নিশ্চিত হৈ পৰিছে। এই নদীবান্ধে অৰুণাচল প্রদেশ হৈ অসমৰ মাজেৰে বাংলাদেশলৈ বৈ যোৱা নদীখনৰ অস্তিত্বলৈ সংকট নমাই আনিব। শেহতীয়াকৈ চীনৰ বন্ধু দেশ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্রহণ কৰা কঠোৰ স্থিতিৰ পাছত ব্ৰহ্মপুত্ৰক ভেটা দি নতুন দিল্লীক এক প্ৰকাৰ সকীয়নি দিবলৈ প্রচেষ্টা আৰম্ভ কৰিছে। চীনে প্ৰকাৰন্তৰে ইয়াকে বুজাই দিবলৈ চেষ্টা কৰিছে যে ভাৰতে যদি সিন্ধু নদীৰ পানীৰ ভাগ পাকিস্তানক নিদিয়ে, তেন্তে অনুৰূপ ধৰণে ভাৰতকো ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা বঞ্চিত কৰিব। পৰিতাপৰ বিষয়টাে হ’ল যে একমাত্র জাংমু বন্ধেই নহয়, চীনে ২০১১ চনৰ পৰা ২০১৫ চনলৈ পঞ্চবার্ষিক পৰিকল্পনা ৰূপে তিনিটা বৃহৎ বান্ধ নির্মাণ কৰাৰ লক্ষ্য বান্ধি লৈছে। এই লক্ষ্যৰ অংশস্বৰূপে যুদ্ধকালীন তৎপৰতাৰে য়াৰলুং জাংব’ত আৰম্ভ কৰিছে জলবিদ্যুৎ প্রকল্পটােৰ কাম। পাকিস্তানক সিন্ধু নদীৰ পানী এৰি দিয়া-নিদিয়াক লৈ ভাৰতে আৰম্ভ কৰা কূটনৈতিক চিন্তা-চৰ্চাৰ মাজতে সমগ্র উত্তৰ-পূবলৈ শংকা নমাই চীনে ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ বাবে আৰম্ভ কৰা কুচকাৱাজক নতুন দিল্লীয়ে কি ধৰণে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব।ইফালে, চীনৰ এনে তৎপৰতাক লৈ নতুন দিল্লীয়ে এতিয়ালৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও ব্রহ্মপুত্ৰৰ ওপৰত দেশখনে নির্মাণ কৰিব খোজা বৃহৎ বান্ধক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment