সীমান্ত সুৰক্ষা বাহিনীয়ে পঞ্জাবৰ অমৃতসৰৰ ৰবি নৈত এখন পাকিস্তানী নাওসহ ৯ পাকিস্তানীক কৰায়ত্ত কৰিছে । গুজৰাটৰ কুটুছ জিলাৰ সাগৰীয় উপকূলত ছাৰ ক্রিক অঞ্চলত টহলদাৰী বি এছ এফৰ জোঁৱানে নাৱত থকা ৯জন পাকিস্তানীক কৰায়ত্ত কৰে। নাওসহ পাকিস্তানী নাগৰিককেইজনক কৰায়ত্ত কৰিছে। যদিও কোনোধৰণৰ অস্ত্ৰ-শস্ত্র লাভ কৰা নাই বি এছ এফে। লক্ষণীয় যে নাওসহ পাকিস্তানী নাগৰিককেইজনে উক্ত অঞ্চলত ঘূৰি থকা দেখি বি এছ এফে সন্দেহ কৰে। কিয়নো সেই সময়তে কৰায়ত্ত কৰা লোককেইজনে মাছ মাৰি থকা দূৰৈৰ কথা আনকি লগত মাছ মৰা সঁজুলি আছিল যদিও সেয়া সন্দেহজনক অৱস্থাত আছিল। বি এছ এফৰ শীর্ষ বিষয়া এগৰাকীয়ে সদৰী কৰা মতে, ধৃত লোককেইজনক পাকিস্তানী চােৰাংচােৱা বুলি সন্দেহ কৰাৰ যথেষ্ট স্থল আছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment