বিগত কিছু দিনত দুটা বৈদ্যুতনিক মাধ্যমে প্রদান কৰা সুযোগ তথা প্ৰচাৰৰ বোকোচাত উঠি পংকজ পাঠক নামৰ ব্যক্তি এগৰাকীয়ে একপ্রকাৰ চমৎকাৰী পুৰুষৰ ৰূপত আত্মপ্রকাশ কৰিছে। বৃত্তিত নিজকে অভিযন্তা বুলি পৰিচয় দিয়া এই ব্যক্তিগৰাকীয়ে সকলো দুৰাৰােগ্য ৰােগৰ টিলিকতে চিকিৎসাৰ বিধান দিব পাৰে। কিন্তু সংবাদ মাধ্যমে প্ৰচাৰ কৰা তেওঁৰ সাক্ষাৎকাৰসমূহ চায়েই যিকোনো শিক্ষিত মানুহে বুজিব পাৰে যে (M&S g (Anatomy), CM&first (Physiology), risis fear (Pathology) আদি চিকিৎসা বিজ্ঞানৰ কোনো এটা অংশৰে প্রাথমিক জ্ঞানো তেওঁৰ নাই। তদুপৰি ৰোগ প্রতিকাৰ সম্পৰ্কত তেওঁ দাঙি ধৰা বক্তব্য তথা উপদেশসমূহৰ বেছিভাগেই অতি তৰল আৰু পূৰ্ণ ৰূপত অবৈজ্ঞানিক। উদাহৰণস্বৰূপে তেওঁ পানী চোবাই খাই, মজিয়াত বহি ভাত খাই মধুমেহ ৰোগৰ পৰা আৰােগ্য লাভ কৰিব পাৰি বুলি কয়। একেটাই চিকিৎসা বুলি হাস্যসম্পদ মন্তব্য আগবঢ়ায়। ভাতৰ লগত পানী খোৱাৰ ফলস্বৰূপে এচিডিটিী হয় আৰু এই এচিডিাটী আৰু অজীৰ্ণৰ বাবে দেহত ইউৰিক এচিড হয় বুলি দাবী কৰে। জন্মগতভাৱে বাক শক্তিহীন (congenital dumbness) সাত বছৰীয়া শিশু এটিক গৰম পানীৰ লগত ঘি খুৱালে কণ্ঠ নাড়ী খোল খাব বুলি, মধুমেহ যুক্ত সংক্ৰমিত ঘা কেৱল গোমূত্ৰৰে ধুলেই ভাল হয় বুলি অদ্ভুত উপদেশ দাঙি ধৰে। তাতোকৈয়ো আচৰিত কথা যে আয়'ডিনযুক্ত নিমখ পৰিহাৰ কৰিলে থাইৰয়ডৰ ৰোগ ভাল হয় বুলি তেওঁ প্ৰচাৰ চলায়, যি সম্পূৰ্ণৰূপে পশ্চাৎপসৰণমুখী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনিৰ পৰিপন্থী। এনে প্ৰচাৰসমূহে সাধাৰণ মানুহক বিজ্ঞান মনস্কতাৰ পৰা আঁতৰাই নিয়াৰ লগতে ৰােগগ্ৰস্ত মানুহৰ জীৱন বিপদাপন্ন কৰিব পাৰে। আয়ুৰ্বেদ কোনো চমৎকাৰ নহয়, ই সম্পূর্ণ বিজ্ঞান। বিজ্ঞানৰ পৰিধিৰ বাহিৰত কোনো চিকিৎসা সম্ভৱ নহয়। তদুপৰি ই হ’ব লাগিব প্রমাণসিদ্ধ। পংকজ পাঠকে দাবী কৰা মতে স্তনৰ কৰ্কট, শ্বেত চর্ম (Leukoderma) আদি জটিল ৰােগসমূহ আৰােগ্য কৰাৰ এটা তথ্যও যদি প্রমাণসহকাৰে দাঙি ধৰিব পাৰে, সংশ্লিষ্ট বিদ্বৎসমাজ আশ্বস্ত হ’ব। গোমূত্র চকুত লগাই কেটেৰেক্ট ভাল কৰা, পাতে গজাৰ ৰস খুৱাই গল ব্লাডাৰ ষ্টন নোহােৱা কৰাৰ এটা উদাহৰণো যদি তেওঁ দাঙি ধৰিব পাৰে সমগ্র মানৱ সমাজ তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব। পংকজ পাঠকে বহুজাতিক প্রতিষ্ঠানৰ অভিযন্তাৰ লোভনীয় চাকৰি বাদ দি অহা এজন সমাজহিতৈষী বুলি নিজকে পৰিচয় দিছে। ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল, সেয়া অজ্ঞাত। একেদৰে ভাৰতীয় চিকিৎসাৰ কেন্দ্রীয় পৰিষদৰ (CCIM) দ্বাৰা অনুমোদিত প্রতিষ্ঠানেহে সু-নির্দিষ্ট পাঠ্যক্ৰমৰ অন্তত আচার্য উপাধি প্রদান কৰিব পাৰে। পাঠকে নিজৰ নামৰ সন্মুখত লিখা আচার্য উপাধিটাে তেনে কোনখন এসময়ত গ্ৰহৰত্ন আৰু জ্যোতিষ চর্চা কৰিছিল বুলি ক্ষেত্র বিশেষত উল্লেখ কৰিছে। এতিয়া তেওঁ আয়ুৰ্বেদৰ নামত অদ্ভুত অবৈজ্ঞানিক কথা কিছুমান প্ৰচাৰ কৰিছে। কিন্তু দৰাচলতে যোগ বা আয়ুৰ্বেদৰ কোনো এটা ক্ষেত্ৰৰে তেওঁৰ বিজ্ঞান সংপৃক্ত কোনো জ্ঞান বা অৰ্হতা নাই। আমাৰ গ্ৰাম্য জীৱনতো বহু মানুহে ৰােগ প্রশমনৰ কিছুমান পৰম্পৰাগত নিদান জানে বা ব্যৱহাৰ কৰে। কিন্তু তেনে কোনো লোকক চিকিৎসা বিশেষজ্ঞ পাতি সংবাদ মাধ্যমসমূহে ইমান ব্যাপক প্রচাৰৰ সুযোগ দিয়া নাই। তদুপৰি সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰা সাক্ষাৎকাৰসমূহত চিকিৎসা বিজ্ঞানৰ কোনো অৰ্হতা নথকা এজন মানুহকে সকলো ৰােগৰ বিশেষজ্ঞ এক কথাত সর্বদ্ৰষ্টা ৰূপত তুলি ধৰা হৈছে, যিটো অবাস্তৱ আৰু সমাজৰ কাৰণে ক্ষতিকাৰক। পংকজ পাঠকে আৰম্ভ কৰা কাম ভাৰতীয় চিকিৎসা কেন্দ্রীয় পৰিষদ আইন ১৯৭০, ঔষধ আৰু চমৎকাৰী চিকিৎসা (আপত্তিজনক) আইন ১৯৫৪ আৰু ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ অধীনত শাস্তিযোগ্য অপৰাধ। তেওঁক পৃষ্ঠপোষকতা কৰা বৈদ্যুতিন মাধ্যমসমূহে অনুভৱ কৰা উচিত যে চিকিৎসাৰ নামত পাঠকে প্ৰচাৰ কৰা বহু কথাই অবৈজ্ঞানিক আৰু তেনে প্রচাৰে ৰোগগ্ৰস্ত দুৰ্ভগীয়া লোক কিছুমানক বিপর্যয়ৰ মুখলৈ ঠেলি দিয়াৰ লগতে প্ৰৱঞ্চনাৰ বলি কৰিব পাৰে। প্রচাৰ মাধ্যমসমূহৰ যদি সদিচ্ছা আৰু পংকজ পাঠকৰ সাহস আছে, টেলিভিছন ষ্টুডিঅ’ বা যিকোনো সামাজিক মঞ্চতে অৰ্হতাসম্পন্ন চিকিৎসক তথা বিশেষজ্ঞৰ উপস্থিতিত আলোচনাত অংশগ্রহণ কৰক। তেতিয়াই তেওঁৰ অৰ্হতা ৰাইজৰ সন্মুখত স্পষ্ট হৈ পৰিব। একেদৰে সংবাদ মাধ্যমসমূহে জনস্বাৰ্থৰ বাবে আয়ুৰ্বেদ বা পৰম্পৰাগত চিকিৎসাৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে সঁচাকৈয়ে যদি আগ্রহী, উপৰি কেন্দ্রীয় চৰকাৰৰ অধীনস্থ আয়ুৰ্বেদৰ আঞ্চলিক গৱেষনা এই প্রতিষ্ঠানসমূহত নিতৌ বহু ৰােগীৰ চিকিৎসা কৰাৰ লগতে বিভিন্ন বিষয়ৰ মৌলিক গৱেষণা অনুষ্ঠিত হৈ আছে। আমাৰ সমাজৰ বহু মানুহ অতি ভৌতিকতাপ্রিয়। এনে মানসিকতাৰ বাবেই এদিন টিংকু ডেকা বিখ্যাত হৈছিল। নির্মল বাবাৰ ওচৰলৈ এতিয়াও বহু মানুহ যায়। কিন্তু দায়িত্বশীল সংবাদ মাধ্যমসমূহে জনজীৱনক তেনে মানসিকতাৰ পৰা উন্মুক্ত কৰি বিজ্ঞান মনস্কতাৰ প্ৰসাৰ ঘটাবলৈ চেষ্টা কৰা উচিত।
[লেখকঃ ডাঃ ৰঞ্জিত কুমাৰ দাস।মোঃ ৯৮৫৯৯৩০৭৭৮]
Thikei koise apuni kisuman enekuwa podhotir kotha koi kheya asorit..
ReplyDelete