অখিল গগৈক গ্ৰেপ্তাৰ:: আদালত হাজিৰ কৰোৱা হব



কাজিৰঙা কাণ্ডৰ পৰা আত্মগোপন কৰি থকা কৃষক নেতা অখিল গগৈক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিত থকা কাৰ্য্যালয়ৰ পৰাই অখিলক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চান্দমাৰী থানালৈ আনে। কাজিৰঙা কাণ্ডৰ পিছতে জখলাবন্ধাত অখিলৰ বিৰুদ্ধে  ভাৰতীয় দণ্ড বিধিৰ ১২০/ ১২০{বি) / ১৪৭/ ১৪৮/ ১৪৯/৪৩৫  ধাৰাত এক গোচৰ ১৩৯/১৬ নম্বৰত  ৰুজু কৰা হৈছিল। মহানগৰ আৰক্ষীয়ে অখিলক লগত লৈ নগাওঁ অভিমুখে ৰাওনা হৈছে। তেওঁক নগাওঁ আৰক্ষীক গতাই দিয়াৰ পিছত কলিয়াবৰ আদালতত হাজিৰ কৰোৱা হব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment