দেশৰ বিত্ত ব্যৱস্থাৰ ইতিহাসত এক উদাহৰণ সৃষ্টিকৰি ইনকাম টেক্স ডিক্লাৰেচন স্কীম’ৰ অধীনত যোৱা ৩০ ছেপ্টেম্বৰ পর্যন্ত দেশৰ ভিন্ন প্রান্তৰ নাগৰিকৰ একাউণ্টত থকা ৬৫,২৫০ কোটি টকাৰ এক বৃহৎ অংকৰ অঘোষিত আয় আয়কৰ বিভাগে ধৰা পেলাবলৈ সক্ষম হৈছে। কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জোঁটলিয়ে সাংবাদিকক জনোৱা মতে, যোৱা চাৰি মাহত দেশৰ মুঠ ৬৪,২৭৫ গৰাকী নাগৰিকে তেওঁলোকৰ আয় লুকুৱাই ৰখা কার্য উল্লিখিত আঁচনিৰ দ্বাৰা চলোৱা অভিযানত ধৰা পৰে। এই লোকসকলে গড়ে প্রায় এক কোটি টকাৰ আয়কৰ বিভাগক জনোৱা নাছিল। উল্লেখনীয় যে যোৱা ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলোৱা এই অভিযানৰ আৰু কিছু তথ্য হিচাপ কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জনায় যে উল্লিখিত ক’লা টকাৰ পৰিমাণ আৰু বঢ়াৰ সম্ভাৱনা আছে। বিত্তমন্ত্রী জোঁটলিয়ে জনোৱা মতে, এই আঁচনিৰ অধীনতা যদি কোনো ব্যক্তিয়ে ১ কোটি টকা পূর্বে প্রদর্শন নকৰা আয় প্রদর্শন কৰে, তেতিয়াহ’লে তাৰ পৰা ৪৫ লাখ টকা চৰকাৰে কৰা আৰু জৰিমনা হিচাপে সংগ্ৰহ কৰিব। অর্থাৎ চৰকাৰে বাস্তৱায়িত কৰা এই ইনকাম ডিক্লাৰেচন স্কীম’ৰ দ্বাৰা চৰকাৰে এক বৃহৎ অংকৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব। বিত্তমন্ত্রী জেটলিয়ে আজি এইবুলিও ঘোষণা কৰে যে এনেদৰে সংগৃহীত কৰ দেশখনৰ জনস্বাের্থজড়িত প্রকল্প আৰু অভিযানত ব্যয় কৰা হ'ব। আনহাতে পূর্বে ঘোষণা নকৰা বা লুকুৱাই ৰখা আয় উল্লিখিত আঁচনিত এতিয়া প্রদর্শন কৰিবলৈ আগবাঢ়ি অহা নাগৰিকসকলৰ নাম-ঠিকনা সন্দৰ্ভত সম্পূর্ণ গােপনীয়তা অৱলম্বন কৰা হ’ব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নিশ্চিতি দিয়ে।
বিত্ত বিভাগৰ অভিযানত উদ্ধাৰ ৬৫,২৫০ কোটি ক’লা টকা

0 comments:
Post a Comment