গুজৰাট উপকূলত গ্রেপ্তাৰ ৯ পাকিস্তানী ::নিৰন্তৰ জেৰা অব্যাহত


ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট উপকূলত ৯ জন পাকিস্তানী নাগৰিকসহ এখন সন্দেহযুক্ত নাও দেওবাৰে পুৱা আটক কৰে।ভাৰত আৰু পাকিস্তানীৰ ৰণসাজা চলি থকাৰ মাজতে কি উদ্দেশ্য লৈ এই পাকিস্তানী নাগৰিকসকলে নাওখনেৰে গুজৰাটৰ উপকূলত উপস্থিত হ’ল সেই বিষয়ে বিতং তথ্য উদ্ধাৰৰ বাবে ধৃত এই ব্যক্তিসকলক সোধ-পোছা কৰি থকা হৈছে।ভাৰতীয় উপকূলৰক্ষী বাহিনীক আটক কৰা এই পাকিস্তানী নাগৰিকসকলে মাছ মাৰিবলৈ অহা বুলি জনায় যদিও তেওঁলোকৰ বক্তব্যত পতিয়ন যোৱা নাই তদন্তকাৰী বিষয়াসকল। কাৰণ মাছ ধৰিবলৈ তেওঁলোকে গুজৰাট উপকূলৰ নিচেই ওচৰলৈ কিয় আহিব বুলি প্রশ্ন উঠিছে। ইতিমধ্যে ধৃত এই ৯ পাকিস্তানী নাগৰিকক উপকূলৰক্ষী বাহিনীয়ে পোৰবন্দৰলৈ লৈ গৈছে। তাত তেওঁলোকক নিৰন্তৰ জেৰা কৰি থকা হৈছে। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment