জম্মুৰ সীমান্তত এজন পাকিস্তানী নাগৰিকক গ্রেপ্তাৰ ::নাম আবুবকৰ সুহাগ




ভাৰত চৰকাৰে সমগ্র দেশব্যাপী সতর্কতা বঢ়াই তােলাৰ সময়তে জম্মুৰ আন্তর্জাতিক সীমান্তৰ আৰ এছ পুৰা এলেকাত যোৱা নিশা ভাৰতীয় নিৰাপত্তা বাহিনীয়ে এজন পাকিস্তানী নাগৰিকক গ্রেপ্তাৰ কৰে। নিৰাপত্তা বাহিনীৰ সূত্রই জনায় যে ধূত ৩২ বছৰীয়া যুৱকজনে নিজৰ নাম আবুবকৰ সুহাগ । নিৰাপত্তা বাহিনীৰ জেৰাত যুৱকজনে নিজকে পাকিস্তানী নাগৰিক আৰু তেওঁৰ পিতৃৰ নাম আমিন হামজা বুলি জনায়। পাকিস্তানৰ আস্তিল্লা নামৰ এলেকাত তেওঁৰ ঘৰ বুলিও জেৰাত স্বীকাৰ কৰে। ভাৰতৰ আগ্ৰে চ’ক গাঁৱৰ ওচৰত সন্দেহজনকভাৱে পাক যুৱকজনক ঘূৰি ফুৰা দেখিয়েই নিৰাপত্তা বাহিনীয়ে তেওঁক তৎক্ষণাৎ গ্রেপ্তাৰ কৰে। যুৱকজনৰ পৰা কোনো আপত্তিজনক বস্তু পোৱা হােৱা নাই যদিও তেওঁ জেৰাত সঘনে নিজৰ বক্তব্য সলাই আছে বুলিও নিৰাপত্তা বাহিনীয়ে জনায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment