ৰাষ্ট্ৰীয় ৰাইফলছৰ শিবিৰ আক্ৰমণৰ চেষ্টা ব্যর্থ::৩ পাক সন্ত্রাসবাদীক গুলীয়াই হত্যা


কাশ্মীৰত তিনি পাক সন্ত্রাসবাদীক কালি গুলীয়াই হত্যা কৰাৰ লগতে সন্ত্রাসবাদীৰ পৰা পাকিস্তানৰ চিহ্ন থকা বৃহৎ পৰি ৰাষ্ট্ৰীয় ৰাইফলছে। সন্ত্রাসবাদীৰ সৈতে হােৱা সংঘর্ষ অভিযান সামৰণি পৰাৰ পাছত হেন্দৱাৰাস্থিত ৩০ ৰাষ্ট্ৰীয় ৰাইফলছৰ কমাণ্ডিং অফিচাৰ কর্নেল ৰাজীৱ চাহৰানে সাংবাদিকৰ আগত কয় যে নিহত সন্ত্রাসবাদীকেইজন পাকিস্তানৰ। সন্ত্রাসবাদীৰ পৰা উদ্ধাৰ হােৱা ঔষধ সামগ্ৰীত ‘মেড ইন পাকিস্তান” বুলি লিখা আছে। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত তিনিটা এ কে-৪৭, দুটা আণ্ডাৰ বেৰেল গ্রেনেড লঞ্চাৰ, বহুকেইটা সৰু অস্ত্ৰ, বাৰুদ আৰু গ্রেনেড আছে। তদুপৰি জি পি এছ ৰেডিঅ’ ছোট, মানচিত্র, মেট্রিক শ্বিট আৰু খাদ্য-যোগাযোগৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে নিহত সন্ত্রাসবাদীৰ পৰা। ঘটনাৰ বিৱৰণী মতে, কালি পুৱা প্রায় ৫ বজাত কুপৱাৰা জিলাৰ লেংগোটস্থিত সেনাৰ শিবিৰত সন্ত্রাসবাদীয়ে মুকলিকৈ গুলীবর্ষণ কৰে। সন্ত্রাসবাদীৰ গুলীবর্ষণৰ শব্দ শুনিয়েই হাই এলার্ট হৈ থকা সেনাই গুলীৰে প্ৰত্যুত্তৰ দিয়াত সশস্ত্ৰ সন্ত্রাসবাদীকেইজনে পলায়ন কৰে। আৰ আৰ শিবিৰত আক্রমণকাৰী সন্ত্রাসবাদীকেইজনে নিৰাপত্তা বেষ্টনী ভেদিব নোৱাৰি পলায়ন কৰাৰ লগে লগে উক্ত অঞ্চলটােত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। শিবিৰৰ চৌদিশৰ লগতে সম্ভাব্য স্থানত সেনা-নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীকেইজনৰ বিৰুদ্ধে অভিযান চলায়। সেনাৰ পোছাক পৰিহিত সন্ত্রাসবাদীৰ অৱস্থিতি সন্দৰ্ভত স্থানীয় লোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই অঞ্চলটাে ঘেৰাও কৰি অভিযান চলাই সন্ত্রাসবাদী তিনিজনক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment