আইছিছৰ মুৰব্বী বাগদাদীৰ অৱস্থা সংকটজনক::খাদ্যত বিহ দিছিল ৰান্ধনিয়ে



বিহ মিহলোৱা খাদ্য খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰা আইছিছৰ মুৰব্বী আবু বকৰ আল আগব্দাদিৰ অৱস্থা সংকটজনক। যিয়ে বাগদাদিৰ বাবে খাদ্য প্রস্তুত কৰিছিল, তেওঁ খাদ্যত বিহ মিহলি কৰি দিয়া বুলি জানিব পৰা গৈছে। ডেইলী মেইলত এই কথা প্রকাশ। ইৰাকৰ বী”আজ জিলাৰ নাইনৱেহত থকা বাগদাদি আৰু আন তিনিজন শীর্ষ কমাণ্ডাৰৰ বাবে খাদ্য প্রস্তুত কৰাৰ সময়তে ৰান্ধনীয়ে গোপনে খাদ্যত বিষাক্ত বিহ মিহলাই দিয়ে। ফলত সেই খাদ্য খাই চাৰিওগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰে। বর্তমান এডোখৰ গোপন স্থানলৈ আগদাদি আন তিনিজনক লৈ যোৱা হৈছে। আৰু চিকিৎসা চলি আছে। বর্তমান বাগদাদিৰ এই অৱস্থাৰ বিষয়ে একো অধিক তথ্য প্রকাশ কৰা নাই সংগঠনটােৱে। যিজন ৰান্ধনীয়ে এই কাম কৰিছিল, তেওঁক বিচাৰি আইছিছৰ সদস্যই ব্যাপক অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য, স্বয়ম্ভ খলিফা বাগদাদি কেইবাবাৰো মার্কিন মিত্ৰশক্তিৰ বিমান আক্ৰমণত নিহত হােৱা বুলি প্রকাশ পাইছিল যদিও প্রতিবাৰেই তেওঁ পুনৰ ভূমুকি মাৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment