ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াৰ লগত জড়িত সকলো পর্যায়ৰ বিষয়া-কর্মচাৰীক নিৰ্ভয়ে বিদেশীৰ নাম বাদ দিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্র সন্থাই। এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এটা বিবৃতিযোগে কয়— ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। বহু ঠাইত বিদেশীৰ নাম পৰীক্ষা কৰা প্রক্রিয়া শেষ হােৱাৰ পথত। এনে সময়তে কেতবোৰ অতি চিন্তনীয় কথা ছাত্র সন্থাই জানিব পাৰিছে। ৰাজ্যৰ বহু ঠাইত অবৈধ বিদেশী ভৰি আছে আৰু এনে বহু অঞ্চল আছে য'ত এজনো ভাৰতীয় বিচাৰি পাবলৈ নাই। তেনেবােৰ ঠাইত এন আৰ চিৰ বিষয়াসকলক ভাবুকি দিয়াৰ কথা ছাত্ৰ সন্থাই জানিব পাৰিছে৷ আনকি কিছুমান ঠাইত বিষয়াসকলে প্ৰাণৰ ভয়ত গাঁওবুঢ়াকে স্পিকিং অর্ডাৰ লিখিবলৈ দি মাথোঁ চহী কৰিছে। বিদেশীৰে ভৰি থকা অঞ্চলবোৰত উচিত এন আৰ চিখন অসমৰ খিলঞ্জীয়া মানুহে ৰক্ষা কবচ হ'ব বুলি ভাবিবলৈ লৈছে। এই আশা বাস্তৱত ৰূপায়িত নহ’লে ৰাজ্যখনত বহু খেলি-মেলিৰ সৃষ্টি হ’ব। চৰকাৰী যন্ত্ৰটােৰ ওপৰতো মানুহৰ বিশ্বাস নোহােৱা হ’ব। বিষয়াসকলে যেন মনত ৰাখে যে উচ্চতম ন্যায়ালয়ৰ নির্দেশাতহে এন আৰচি প্রস্তুতকৰণৰ কাম চলি আছে আৰু ন্যায়ালয়ে ইতিমধ্যে কেইবাবাৰো কামৰ খতিয়ান লৈছে। অসমৰ খিলঞ্জীয়া মানুহৰ বাবে ৰক্ষাকবচ হৈ পৰিব পৰা দলিলখনক লৈ নতুন ৰাজনীতিৰ মেৰ এতিয়াও চলিব পাৰে। অলপতে ছাত্র সন্থাই মুখ্য সচিবৰ ওপৰত আপত্তিলিখিতভাৱে জনোৱাৰ পিছতো পৰিস্থিতি সলনি হােৱা নাই। উচ্চতম ন্যায়ালয়ে গঠন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশদ্বয়ৰ কমিটীকে আপত্তি দৰ্শোৱা হৈছে। বিষয়াসকলক একে ঠাইতে ৰাখি পদোন্নতি দিয়াত একো অসুবিধা নাছিল। সেয়েহে সকলো সতর্ক হৈ থকা উচিত। লক্ষণীয়ভাৱে, কেন্দ্রীয় চৰকাৰে ২০০৬ চনতে সংসদত দাখিল কৰিছিল যে অসমত প্রায় পঞ্চাছ লাখ বিদেশী নাগৰিক আছে। এন আৰ চিখন কিমান শুদ্ধভাৱে প্ৰস্তুত কৰা হৈছে, তাৰ এটা হিচােপ ল’বলৈ এই সংখ্যাটাে মাপকাঠী হিচাবে নিশ্চয় ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ কোনো বিকল্প নাই। জিলাৰ উপায়ুক্তসকলক প্রতিজনৰ কাগজ-পত্ৰ উপযুক্তভাৱে পৰীক্ষণ কৰি বিদেশী মুক্ত এন আৰচি প্রস্তুত কৰিবলৈ ছাত্র সন্থাই অনুৰােধ জনাইছে। কোনো অজুহাততে এন আৰ চিক লৈ কোনোপক্ষই কৰা ৰাজনীতি সহ্য কৰা নহ’ব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment