মায়ঙত পুনৰ বেদখল::চৰকাৰী ভূমিত সন্দেহজনক নাগৰিকৰ খেতি ::৬ জনক আটক




মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙৰ হাতীমূৰীয়া আৰু হিলৈখুন্দাত তিনিশতকৈ অধিক লোকে বেদখল কৰি এক অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰি আতংকময় পৰিৱেশৰ সূচনা কৰাৰ সময়তে পুনৰ মায়ঙত নিশাৰ ভিতৰতে দৰং জিলাৰ এক চৰ অঞ্চলৰ পৰা একাংশ সন্দেহজনক লোক আহি আজি চৰকাৰী ভূমি দখল কৰি খেতি কৰাক লৈ সমগ্র মায়ং অঞ্চলত তীব্র জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে এই ঘটনাক লৈ অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ এই ঘটনাক কেন্দ্র কৰি ইতিমেধ্য মায়ং আৰক্ষীয়ে অবৈধভাৱে খেতি কৰা 6জন লোকক আটক কৰে৷ ঘটনাৰ বিৱৰণি মতে, দৰং জিলাৰ মঙলদৈ সমষ্টিৰ বাঙলী চৰৰ পৰা এদল সন্দেহজনক লোকে যোৱা নিশা ভটভটী নাৱেৰে আহি মায়ঙৰ চনকাৰ গমাৰিগুৰিৰ চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি আজি হাল বাবলৈ ধৰে৷ বহু সময় ধৰি অচিনাক্ত এইসকল লোকে পূর্বতে মায়ঙৰ ৰাইজে মাহ খেতি কৰা স্থানতে পুনৰ কলাই মাহৰ বীজ পেলাই খেতি কৰিবলৈ আৰম্ভ কৰে৷ বহু সংখ্যক লোকে এনেদৰে জোৰজোলুমকৈ মাহ খেতিৰ ওপৰতে পুনৰ খেতি কৰা কার্য মায়ঙৰ চনকা অঞ্চলৰ ৰাইজৰ দৃষ্টিগোচৰ হয়৷ একাংশ স্থানীয় ৰাইজৰ সৈতে এই লৈ এটা সময়ত কাজিয়াত লিপ্ত হয় চৰৰ পৰা আহি অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি খেতি কৰা অচিনাক্ত লোকসকল৷ বহু সময় ধৰি বাক-বিতণ্ডাৰ পাছত স্থানীয় ৰাইজে বেদখলকাৰী 6জন লোকক আৰক্ষীৰ হাতত চমজাই দিয়ে৷ আৰক্ষীৰ হাতত ইতিমধ্যে কৰায়ত্ত হোৱা দৰঙৰ চৰৰ পৰা অহা লোকসকল হৈছে– চুমৰ আলী, ফকিৰউদ্দিন, মান্নান আলী, মফিজউদ্দিন, জিয়াৰুল হক আৰু মুচা আলী৷ ইপিনে, আজি দিনদুপৰতে চৰ অঞ্চলৰ পৰা আহি পুনৰ মায়ঙৰ আন এটা অঞ্চলৰ চৰকাৰী ভূমি দখল কৰি খেতি কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোৰ ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হয়৷ মায়ঙৰ হিলৈ খুন্দা হাতীমূৰীয়া অঞ্চলত থকা 300 লোকক বেদখলমুক্ত কৰিবলৈ প্রশাসনে আপ্রাণ চেষ্টা চলাই থকাৰ সময়তে পুনৰ চনকা নামৰ এক বুৰঞ্জীপ্রসিদ্ধ অঞ্চলৰ পথাৰত অচিনাক্ত একাংশ লোকে খেতি কৰা কার্যৰ বিৰুদ্ধে আজি গৰজি উঠিল মায়ঙৰ জনতা৷ মায়ং শাখা সাহিত্য সভা, হাতীমূৰীয়া পথাৰ পৰিচালনা সমিতি, মায়ং নাগৰিক সমাজ আদি সংগঠনে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দি শীঘ্রে এই মায়ং অঞ্চলৰ পৰা অবৈধভাৱে বাস কৰা লোকসকলক উচেছদ কৰিবলৈ চৰকাৰ-প্রশাসনক দাবী জনাইছে৷ মৰিগাঁও জিলা সাহিত্য সভাৰ গৰিহণা? উচেছদৰ দাবী ঃ মৰিগাঁও জিলাৰ ইতিহাসপ্রসিদ্ধ মায়ঙৰ হিলৈখুন্দা-হাতীমূৰীয়া আৰু চনকা গমাৰিগুৰিকে ধৰি বহুকেইটা অঞ্চলত দীর্ঘ দিন ধৰি অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি বসবাস কৰা আৰু খেতি কৰা লোকসকলক উচেছদ কৰিবলৈ আজি চৰকাৰ তথা প্রশাসনৰ প্রতি দাবী জনাইছে মৰিগাঁও জিলা সাহিত্য সভাই৷ মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰেন্দ্র বৰা, উপ-সভাপতি বুবুমণি গোস্বামী আৰু সম্পাদক অজিত শর্মাই আজিৰ ঘটনাকো তীব্র ভাষাৰে গৰিহণা দি শীঘ্রে বেদখলমুক্ত কৰি এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ মৰিগাঁও আৰু দৰং জিলা প্রশাসনৰ প্রতি আহবান জনাইছে৷ হিলৈখুন্দাৰ বেদখলকাৰীক সময় বান্ধি দিলে প্রশাসনে ঃ মায়ঙৰ হিলৈখুন্দা অঞ্চলত বসবাস কৰি ত্রাসৰ সৃষ্টি কৰা 300 অবৈধ বেদখলকাৰী পৰিয়ালক বেদখলমুক্ত কৰিবলৈ মৰিগাঁও আৰু দৰং প্রশাসনে অহা 25 অক্টোবৰ দিন বান্ধি দিয়ে৷ আজি মায়ঙৰ চক্র বিষয়া আৰু মঙলদৈৰ চক্র বিষয়াই অঞ্চলটো পর্যবেক্ষণ কৰি বেদখলকাৰী পৰিয়ালসমূহক উক্ত সময়ৰ ভিতৰত উক্ত স্থান ত্যাগ কৰিবলৈ পুনৰ সকীয়াই দিয়ে বুলি জনা গৈছে৷[উৎস :::দৈনিক জনমভূমি] 
Share on Google Plus

About Unknown

0 comments:

Post a Comment