অখিল গগৈক পুনৰ গ্রেপ্তাৰ :: তীব্র প্ৰতিক্রিয়া প্রকাশ অখিলৰ





বৃহৎ নদীবান্ধৰ কাম-কাজত বাধা প্রদান কৰাৰ অভিযোগ অখিলৰ বিৰুদ্ধে বগীনদী আৰক্ষী থানাই ২০১১ চনতে এটা গোচৰ ৰুজু কৰিছিল। সুদীর্ঘ ৫ বছৰ ধৰি আৰক্ষীয়ে গ্রেপ্তাৰ নকৰি কালি হঠাতে এই গোচৰত অখিলক গ্রেপ্তাৰ কৰাত নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰি কৃষক নেতা গগৈয়ে সংবাদ মাধ্যমক কয়— ‘সর্বানন্দ চৰকাৰ দুৰ্বল হৈছে। নহ’লেনাে মোক পুনৰ গ্রেপ্তাৰ কৰেনে? ২০১১ চনৰ এটা গোচৰত মোক গ্রেপ্তাৰ কৰা কার্যই প্রমাণ কৰিছে সর্বানন্দ সোণোৱাল চৰকাৰৰ ষড়যন্ত্ৰৰ কথা। ২০১১ চনৰ পাছত মই বহুবাৰ লখিমপুৰলৈ গৈছে। উপায়ুক্ত, আৰক্ষী অধীক্ষক, এন এইচ পি চিৰ লগত আলোচনা কৰিছিলোঁ। তেতিয়া মোক গ্রেপ্তাৰ নকৰিলে কিয়? এতিয়া মোক গ্রেপ্তাৰ কৰি প্ৰতিবাদী জনতাৰ কণ্ঠ ৰােধ কৰিব বিচাৰিছে সোণোৱাল চৰকাৰে। চৰকাৰৰ এনে কার্য কেতিয়াও সফল নহ’ব।” অসমৰ প্রতিবাদী জনতা, কৃষক মুক্তি সংগ্রাম সমিতিক তেওঁক গ্রেপ্তাৰ কৰাৰ বাবে আন্দােলন নকৰিবলৈ আহ্বান জনাই গগৈয়ে কয়— ‘হিন্দু শৰণার্থক সংস্থাপিত কৰাৰ বিৰুদ্ধে তীব্র আন্দােলন কৰা উচিত। নহ’লে অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment