ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰৰ পৰা সন্ত্রাসবাদী সংগঠনসমূহৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে মাত্ৰ ছমাহ সময় বিচাৰিছে ।এই কথা জনাই দিছে সেনাবাহিনীয়ে কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্রালয়ক । ভাৰতীয় সেনাৰ সূত্ৰটােৰ মতে, সেনাই যদি চৰকাৰৰ পৰা সেউজ সংকেত পায়, তেতিয়াহ’লে ছমাহৰ ভিতৰতে পাক অধিকৃত কাশ্মীৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী সংগঠনসমূহৰ ঘাটি উৎখাত কৰিব পৰা যাব। সেনাৰ মতে শেহতীয়াকৈ এনে অঞ্চলত ছাৰ্জিকেল অপাৰেচন চলোৱা হ’ল যদিও এৰাধৰাকৈ চলোৱা অভিযানেৰে সন্ত্রাসবাদীৰ ঘাটি উৎখাত কৰাটাে সম্ভৱ নহ’ব। তাৰ বিপৰীতে পাক অধিকৃত কাশ্মীৰত প্রয়ােজন বিৰামহীন অভিযানৰ। কিন্তু ভাৰতীয় সেনাৰ এনে স্থিতিৰ বিপৰীতে নৰেন্দ্ৰ মােদী চৰকাৰে কি সিদ্ধান্ত লয় সেয়া এই মুহুৰ্তত উল্লেখনীয় বুলি বিবেচিত হৈছে। মন কৰিবলগীয়া যে পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে কূটনৈতিক কৌশল অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত অব্যাহত আছে উত্তেজনা। বি এছ এফৰ এক সূত্রই সদৰী কৰা মতে, পাক সীমান্তৰ পশ্চিম সীমান্তত ছাৰ্জিকেল ষ্ট্রাইক’ হৈ যোৱাৰ পাছত সেই অঞ্চলৰ স্পর্শকাতৰতা বাঢ়িছে। শেহতীয়াকৈ এই অঞ্চলৰ আকাশমাৰ্গত দেখা গৈছে আকাশীযানৰ সন্দেহজনক উৰণ। যিকোনাে মুহুর্ততে হ’ব পৰা আক্ৰমণৰ আশংকালৈ চাই এই অঞ্চলত পূর্বে জাৰি কৰা 'হাই এলার্ট অনির্দিষ্ট কাললৈ অব্যাহত ৰখা হৈছে। বি এছ এফৰ সঞ্চালকপ্ৰধান কে কে শৰ্মাই সাংবাদিকক জনোৱা মতে কেৱল কাশ্মীৰেই নহয়, আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুই থকা ৰাজস্থান, গুজৰাট আৰু পঞ্জাবৰাে সীমান্ত সুৰক্ষা বাহিনীক যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ সাজু কৰি ৰখা হৈছে।
Home / :বিএছ এফ
/ ভাৰতীয় সেনাই ছমাহত সন্ত্রাসবাদীৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰিব::বিএছ এফৰ হাই এলার্ট
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment