শাৰদীয় দুর্গোৎসৱৰ সময়ত কুটঘাটৰ পৰিকল্পনা উগ্ৰপন্থীৰ::সস্তম আৰক্ষী



ৰাজ্যৰ সৰ্ব্বত্র শাৰদীয় দুর্গ পূজা উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ সমান্তৰালভাৱে উগ্ৰপন্থীৰ আক্ৰমণৰ আশংকাও ঘনীভূত হৈ আহিছে। উৎসৱৰ আনন্দ উপভোগত জনসাধাৰণ ব্যস্ত হৈ থকাৰ সুযোগ লৈ উগ্ৰপন্থী সংগঠনসমূহে ভিন্নস্থানত ব্যাপক কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা যুগুতাইছে। বিশেষকৈ জম্মু-কাশ্মীৰৰ পাছতে সর্বাধিক বিচ্ছিন্নতাবাদী কার্যকলাপ চলি থকা অঞ্চলটােত উগ্ৰপন্থী সংগঠনসমূহে অস্থিৰ অৱস্থাৰ সৃষ্টি কৰাৰ পূৰ্ণ আশংকা আছে। ইয়াৰ বাবে তেওঁলোকে বাছি লৈছে শাৰদীয় দুর্গোৎসৱৰ সময়ছােৱাক। কিয়নাে, এই দিনকেইটাত ৰাজহুৱা স্থানত জনসমাগম বৃদ্ধি পোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দিয়াটােও সহজ হৈ থাকে। ইফালে, , উজনি অসমৰ বিভিন্ন স্থানত এতিয়াও আলফা (স্বাধীন) ই আতংক অব্যাহত ৰাখিছে। ব্যাপক ধন দাবীৰে সমগ্র অঞ্চলটােত একপ্রকাৰ ভীতিৰ সৃষ্টি কৰিছে। বিশেষকৈ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তত বাহৰ পাতি উগ্ৰপন্থী সংগঠনটােৱে এই তৎপৰতা অব্যাহত ৰাখিছে। এতিয়া আন্তর্জাতিক ৰাজনীতিৰ জটিল সন্ধিক্ষণত পাকিস্তান বা চীনৰ সহযোগিতাত সংগঠনটােৱে ব্যাপক কুটাঘাত সংঘটিত কৰাৰ আশংকা দ্রুতগতিত ঘনীভূত হৈছে। শেহতীয়াকৈ আলফা (স্বাধীন)-এ মুকলিকৈয়ে চীনৰ সমৰ্থনত নিজৰ বিবৃতি প্রকাশ কৰিছে। এনে পৰিস্থিতিত আগন্তুক শাৰদীয় দুর্গাপূজা যে অশান্তজৰ্জৰ এক সময়লৈ ৰূপান্তৰ হ’ব পাৰে, সেই আশংকা চোৰাংচোৱাই ইতিমধ্যে প্রকাশ কৰিছে। সেয়ে পূজাৰ সময়ছােৱাত ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তােলাৰ পদক্ষেপ লৈছে অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্রধান মুকেশ সাহায়ে জনোৱা মতে, আৰক্ষীৰ উপৰি সমিতিসমূহেও নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়ােগ কৰিব লাগিব। আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে লগতে উজনি অসম স্পর্শকাতৰ হৈ থকা বুলিও জানিবলৈ দিয়ে। এনে বহু দিশৰ পৰাই অহা পূজাৰ সময়ছোৱাত ৰাজ্যৰ ভিন্ন স্থানত উগ্ৰপন্থীৰ সশস্ত্র কার্যকলাপৰ আশংকা ঘনীভূত হৈছে
Share on Google Plus

About Unknown

0 comments:

Post a Comment