প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা সম্পদৰ সঞ্চালক প্রধান (ডিজিডিই) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে যজ্ঞেশ্বৰ শৰ্মাই। কেন্দ্রীয় চৰকাৰৰ সচিব পদমর্যাদাৰ এই পদটোত অধিষ্ঠিত হােৱা শৰ্মা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন বিষয়া। যোৰহাট জিলাৰ অন্তর্গত জাঁজীৰ প্ৰয়াত গোলাপ চন্দ্ৰ শৰ্মা আৰু বসুমতী দেৱীৰ পুত্ৰ শৰ্মাই ১৯৮২ চনত ভাৰতীয় প্রতিৰক্ষা সম্পদ সেৱাত) (আই ডি ই এছ) যোগদান কৰিছিল। এজন মেধাৱী ছাত্ৰৰূপে পৰিচয় দিবলৈ সক্ষম হােৱা শৰ্মাই স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল বামুণপুখুৰী হাইস্কুলত। তাৰ পৰাই তেওঁ ১৯৭৩ চনত তৃতীয় স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। অর্থনীতি বিজ্ঞানত দিল্লী বিশ্ববিদ্যালয় আৰু ব্রিটেইনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ উপাধিধাৰী শৰ্মাই পৰৱতী সময়ত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী লাভ কৰিছিল। কালি ডি জি ডি ই হিচাপে কাৰ্যভাৰ লোৱাৰ পূর্বে ২০১৩ চনৰ পৰা তেওঁ পুনেত আছিল প্ৰতিৰক্ষা সম্পদৰ প্ৰধান সঞ্চালক হিচাপে। ইয়াৰ আগতে প্ৰতিৰক্ষা সম্পদৰ অতিৰিক্ত সঞ্চালকপ্ৰধান (সদৰ) আৰু সঞ্চালক (লক্ষ্মেী) হিচাপে তেওঁ কাৰ্যনির্বাহ কৰিছিল। উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সমগ্ৰ দেশতে নিজাববীয়াকৈ ১৭.৫৭ লাখ একৰ ভূমি আৰু ভীমড মিউনিচিপালিটী হিচাপে গণ্য কৰা ৬২খন সেনা ছাউনী পৰিষদ (কেন্টনমেন্ট ব’ৰ্ড) আছে। ডি জি ডি ই হ’ল উক্ত বৃহৎ পৰিমাণৰ ভূমি ব্যৱস্থাপনা আৰু সেনা ছাউনী পৰিষদসমূহৰ প্রশাসনিক দিশত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য উপদেষ্ট স্বৰূপ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment