ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁইৰ সংবাদ মেল। এই সংবাদমেলত উত্তৰ–পূবৰ ৰে'লসেৱাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজেন গোহাঁয়ে। সংবাদমেলত ৰে'লমন্ত্ৰী গৰাকীয়ে অসম আৰু উত্তৰ–পূৰ্বাঞ্চলত দ্বৈত ৰে'লসেৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত ব্যক্ত কৰে। গুৱাহাটী ষ্টেচন আৰু আজ্ঞাঠুৰি ষ্টেচনক বিশ্ব মানৰ ষ্টেচন হিচাপে গঢ়ি তোলা হ'ব। এইসংবাদমেলত এই ঘোষণা কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰীগৰাকীৰ। ষ্টেচনসমূহৰ উন্নীতকৰণৰ লগতে ৰে'ল যাত্ৰীসকলৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হ'ব বিশেষ ব্যৱস্থা। ৰে'লযাত্ৰীসকলৰ বীমাৰ ব্যৱস্থা কৰা হ'ব বুলিও ঘোষণা কৰে ৰাজেন গোহাঁয়ে। আনহাতে উত্তৰ–পূবত শীঘ্ৰে দুখনকৈ নতুন শতাব্দী ৰে'ল চলিব বুলিও ঘোষণা কৰে ৰাজেন গোহাঁয়ে। ইয়াৰে এখন ৰে'ল চলিব তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আৰু আনখন শতাব্দী ৰে'ল চলিব নাহৰলগুনৰ পৰা গুৱাহাটীলৈ।সংবাদমেলত ৰাজেন গোহাঁয়ে আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। গোহাঁয়ে কয় যে অচিৰে শৰাইঘাটত নিৰ্মাণ কৰা হ'ব দ্বিতীয়খন ৰে'লৰ দলং। পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি গোহাঁয়ে কয় যে পৰ্যটকৰ সুবিধাৰ্থে নতুন ৰে'ল সেৱা মুকলি কৰা হ'ব। পৰ্যটকসকলৰ চলাচলৰ সুবিধাৰ বাবে অসমত চলিব নৰ্থ ইষ্ট ছাফাৰী ট্ৰেইন।
কেৱল ইমানেই নহয়, উত্তৰ–পূবৰ লগতে নেপাল আৰু ভূটানৰ সৈতেও ৰে'ল যোগাযোগৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব দিয়ে কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁয়ে। দেওবাৰৰ এই বিশেষ সংবাদমেলতে সোমবাৰে বগিবিল দলং পৰ্যবেক্ষণ কৰিব বুলিও ঘোষণা কৰে।
0 comments:
Post a Comment