শিৱসাগৰত ৮১সংখ্যক জন্মদিনত শিৱসাগৰবাসীয়ে নির্মাণ কৰি উলিওৱা অৰ্জ্জুন বঁটা বিজয়ী প্রথম অসমীয়া ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি কালি উন্মোচন কৰা হয়।১২ ফুট ২.৫ ইঞ্চি উচ্চতাৰ এটা পূৰ্ণাংগ প্রতিমূর্তিটো নিজ হাতেৰে উন্মোচন কৰি বৰুৱাই কয়— মই মৃত্যুপর্যন্ত অসমৰ ক্ৰীড়া জগতত নতুন প্রতিভা চিনাকি কৰি দিবলৈ প্রচেষ্টা চলাই যাম। মই যিদৰে অশেষ কষ্টৰে খেলিছিলোঁ, আজিকালি তেনেদৰে কষ্ট কৰাৰ প্রয়োজন নাই। উন্নত প্রযুক্তিৰে বহুজনে ক্রীড়া ক্ষেত্ৰৰ অনুশীলন আৰম্ভ কৰিছে। নৱপ্ৰজন্মৰ মাজত সহস্ৰজন ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ জন্ম দিব পাৰিলেহে মোৰ জীৱন সার্থক হ’ব।” প্রতিমূৰ্তিটাে অসমৰ ৰাইজৰ কাৰণে উচৰ্গা কৰা হ’ল বুলি উদ্ধোধনী ভাষণত শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ণ কেঁৱৰে ঘোষণা কৰে। উল্লেখ্য যে ১৯৬৬ চনৰ এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বর্ণপদক লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটাে অৰ্জ্জুন বঁটা আঁজুৰি আনিবলৈ সক্ষম হােৱা শিৱসাগৰৰ সুসন্তান অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাৰ কালি ৮১সংখ্যক জন্মদিন আছিল । উন্মোচনী অনুষ্ঠানত শিৱসাগৰৰ অৰ্ধশতাধিক অনুষ্ঠান-প্রতিষ্ঠানে অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাক ৰাজহুৱাভাৱে সম্বর্ধনা জনায়। উল্লেখ্য যে ভাস্কর্য শিল্পী সোণাৰাম নাথৰ লগতে তেওঁৰ পাঁচ সহযোগীয়ে চাৰি মাহ ধৰি অশেষ কষ্টৰে এই পূৰ্ণাংগ প্রতিমূৰ্তিটাে নির্মাণ কৰি উলিয়াইছিল। প্রায় তিনি লাখ টকা ব্যয় সাপেক্ষে নির্মিত এই পূৰ্ণাংগ অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাই সোঁহাতত জ্বলন্ত অলিম্পিক শিখাৰ সৈতে দৌৰিবলৈ আৰম্ভ কৰা ভংগিমাৰে নির্মাণ কৰা হৈছে। উন্মোচনী অনুষ্ঠানত 'অর্জন ভোগেশ্বৰ বৰুৱা’ নামৰ এখন স্মাৰক গ্রন্থও উন্মোচন কৰা হয়।
Home / Uncategories / জন্মদিনত অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাৰ প্রতিমূর্তি উন্মোচন ;;অৰ্ধশতাধিক অনুষ্ঠান-প্রতিষ্ঠানৰ সম্বর্ধনা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment