প্রদেশ কংগ্ৰেছৰ পর্যবেক্ষক চি পি যোশীয়ে ধনৰ বিনিময়ত টিকট দিছিল ;;

বিগত বিধানসভা নির্বাচনত প্রদেশ কংগ্ৰেছৰ পর্যবেক্ষক চি পি যোশীয়ে প্রার্থিত্ব প্ৰদানৰ নামত বহু খেলিমেলি কৰিছিল। ব্যাপক ধনৰ লেনদেনৰ জৰিয়তে বিভিন্ন সমষ্টিত তেওঁ টিকট প্রদান কৰিছিল --- এই বিস্ফোৰক অভিযোগ প্রাক্তন মন্ত্রী তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নেতা রাজেদ আলী চৌধুৰীৰ। উল্লেখযোগ্য যে যোৱা বিধানসভা নির্বাচনত বিজেপি মিত্ৰজোঁটৰ হাতত শোচনীয় পৰাজয়ৰ পিচতে নেতৃত্বৰ বিৰুদ্ধে দলৰ অভ্যন্তৰত সৃষ্টি হয় তীব্র ক্ষোভ-অসন্তুষ্টিৰ। বিশেষকৈ চি পি যোশীৰ লগতে প্রদেশ কংগ্ৰেছৰ আন এজন পর্যবেক্ষক অবিনাশ পাণ্ডে আৰু একাংশ প্রাক্তন মন্ত্রীৰ ভূমিকাই দলীয় কর্মী-সমর্থকসকলক ক্ষুব্ধ কৰি তোলে। পর্যবেক্ষক যোশীয়ে ব্যাপক ধনৰ লেনদেনৰ বিনিময়ত বহু সমষ্টিত অযোগ্য প্রার্থীক প্রার্থিত্ব দিয়া বুলি দলৰ অভ্যন্তৰতে ব্যাপক চর্চা হয়। প্রদেশ কংগ্ৰেছৰ তৃণমূল নেতা-কর্মীৰে সম্পর্ক নাৰাখি যোশী আৰু পাণ্ডেই অধিকাংশ সময় নতুন দিল্লীতে কটােৱা বুলিও কর্মী-সমর্থকসকলে অভিযোগ কৰে। তদুপৰি একাংশ প্রাক্তন মন্ত্রীয়ে নির্বাচনৰ সময়ত দলৰ প্ৰচাৰ অভিযানলৈ পিঠি দিয়া কার্যয়ে কর্মী-সমর্থকসকলক ক্ষুব্ধ কৰি তোলে। দলৰ অভ্যন্তৰত অব্যাহত থকা এনে ক্ষোভ-অসন্তুষ্টিৰ মাজতে কংগ্ৰেছ হাইকমাণ্ডে শেহতীয়াকৈ প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্তি প্রদান কৰিছে সাংসদ ৰিপুণ বৰাক। বৰাৰ নেতৃত্বত আজি গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব প্রদেশ কংগ্ৰেছৰ বর্ধিত কাৰ্যনির্বাহক বৈঠক। এই বৈঠকতে যোৱা বিধানসভা নির্বাচনত দলে প্রদর্শন কৰা ফলাফল সন্দৰ্ভত পর্যালোচনা কৰা হ’ব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment