ধুবুৰী জিলা আৰু পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পৰাবাংলাদেশলৈ গৰুৰ অবাধ চালান দিয়া দুজন কুখ্যাত চোৰাং ব্যৱসায়ীক বি এছ এফে কালি আটক কৰিবলৈ সক্ষম হয়। এই ব্যৱসায়ী দুজন হৈছে ধুবুৰী জিলাৰ বাছানী চৰৰ মুনিফ আলীৰ পুত্ৰ ৰহিম বাদশ্বাহ (২৬) আৰু পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটা চৌধুৰীহাটৰ আব্দুল হুছেইনৰ পুত্ৰ আশ্রুফ আলী (২৫)। দুয়োজন চােৰাং ব্যৱসায়ীৰ পৰা বি এছ এফে ভালেকেইটা গৰুও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বি এছ এফে কালি আৰু আজিৰ ভিতৰত মুঠ ৩৪৫টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গৰুকেইটাৰ মূল্য প্রায় ২৪,৫৮,০৪০ টকা। যোৱা সপ্তাহতো বি এছ এফে বাংলাদেশলৈ চালান দিবলৈ অনা ২,০৩৬টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই গৰুকেইটাৰো বজাৰ মূল্য ১,০৯,১১,০৮৬ টকা হ’ব বুলি বি এছ এফে প্রকাশ কৰে। এই সন্দর্ভতো বি এছ এফে যোৱা সপ্তাহত দুজন ভাৰতীয় চােৰাং ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Home / ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ অবাধ চালান ;;দুই ব্যৱসায়ীক আটক
/ ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ অবাধ চালান ;;দুই ব্যৱসায়ীক আটক
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment