কথা-সুৰ-কন্ঠ:-ড0 ভূপেন হাজৰিকা ।
✍✍✍✍✍✍♬♬♬♬✍✍✍
☀
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে লিপিকা নে মল্লিকা ।
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ
নহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা মল্লিকা ।।
✍
সহস্রজনে মোক প্রশ্ন কৰে
আমাৰ চেনেহ, আমাৰ মৰম
কিয় ফল্গু হ'ল ?
বহির্জগতৰ অদেখা !
সমিধানত কওঁ --
বুকুতেই সাঁচে কিয়,
পৃথিৱীয়ে গর্ভতো
অব্যক্ত কত বহ্নিশিখা ।।
বেদৰ মন্ত্রেৰে দম্পতী
যদিও নহ'লো আমি কাহানিও
একেটি পাত্রতে জীৱন-মদিৰা
পান কৰো আমি তথাপি ।।
✍
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ মৌন পৰত,
অনুপ্রেৰণাৰে জ্যোতি যাচে জানো
নাম তাইৰ জানো মধুচন্দ্রিকা
সমিধানত কওঁ --
বুকুৰ ৰক্তেৰে,
গুপুতে জীয়াই ৰখা
নামবিহীনা তাই অনামিকা
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে লিপিকা নে মল্লিকা
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ
নামবিহীনা তাই
নামবিহীনা তাই....অনামিকা ♬♬♬
(যুগুতালে::: অনিৰ্বান দেৱ কুমাৰ )...
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment