আৱর্ত ভৱনত ডিজিপি-সেনা-আৰক্ষীৰ শীর্ষ বিষয়াৰে বৈঠক
দল-সংগঠনৰ স্মাৰকপত্ৰ প্ৰদান
ৱেব ডেস্ক, ৭ আগষ্ট, ২০১৬ :
নিৰীহৰ তেজেৰে ৰাঙলী হোৱা কোকৰাঝাৰৰ বালাজান বজাৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে সন্ত্রাসবাদীৰ নৃশংসতা কঠোৰ হাতেৰে দমন কৰাৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে— সন্ত্রাসবাদীৰ সৈতে কোনো আপোচ নহয়।

কৃষি মন্ত্রী অতুল বৰা আৰু শক্তি মন্ত্রী পল্লৱলোচন দাসক লগত লৈ হেলিকপ্টাৰেৰে কোকৰাঝাৰলৈ অহা মুখ্যমন্ত্ৰীয়ে নৰসংহাৰ সংঘটিত হোৱা বালাজান তিনিআলি একাংশ লোকৰ সৈতেও কথা পাতে। গুৱাহাটীৰ পৰা বায়ুসেনাৰ এখন বিশেষ হেলিকপ্টাৰযোগে মুখ্যমন্ত্রী সোণোৱালে আজি পুৱা প্রায় ১১.৩০ বজাত কোকৰাঝাৰ চহৰৰ পাথৰঘাটস্থিত সেনাবাহিনীৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰে। হেলিপেডত মুখ্যমন্ত্রীক বন মন্ত্রী প্রমীলাৰাণী ব্রহ্ম, উপায়ুক্ত মাধৱ প্রসাদ শৰ্মা, আৰক্ষী অধীক্ষক শ্যামল প্রসাদ শইকীয়া, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী, কাৰ্যবাহী সদস্য ক্রমে ৰাজীৱ ব্রহ্ম, দনেশ্বৰ গয়াৰী আদিয়ে আদৰণি জনোৱাৰ পিচত মুখ্যমন্ত্ৰীয়ে পোনে পোনে এন ডি এফ বি(ছ)য়ে নৰমেধ যজ্ঞ চলোৱা বালাজান তিনিআলি বজাৰলৈ ৰাওনা হয়।
বালাজান তিনিআলিৰ পৰা উভতি মুখ্যমন্ত্রী সোণোৱালে কোকৰাঝাৰ আৱর্ত ভৱনত সেনা আৰু নিৰাপত্তা বাহিনীৰ শীর্ষ বিষয়াবৰ্গ আৰু জিলা প্রশাসনৰ বিষয়াবৰ্গৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়, সেনাৰ ফ’ৰ কৰৰ জি অ’চি, অৰ্ধসামৰিক বাহিনীৰ উত্তৰ-পূৰ্বাঞ্চলৰ আই জি পি আৰু নিৰাপত্তা বাহিনীৰ আন আন শীর্ষ বিষয়াসকলে অংশ লয়। বৈঠকত মূলতঃ সন্ত্রাসবাদ নিমূল কৰাৰ বাবে সেনা, চি আৰ পি আৰু অসম আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশনা দিয়ে। বৈঠকৰ অন্তত মুখ্যমন্ত্রী সোণোৱালে এন ডি এফ বি(ছ)ৰ নৰসংহাৰত অকালতে প্রাণ দিবলগীয়া হোৱা দুৰ্ভগীয়া লোকৰ পৰিয়ালৰ আন একাংশ সদস্য আৰু আত্মীয়ৰ সৈতে মত বিনিময় কৰে।

NEonline ৰ প্ৰতিটো বাতৰি লগে লগে পোৱাৰ বাবে পেজ like কৰক
ইপিনে প্রায় ডেৰ ঘন্টাজোৰা বৈঠকৰ অন্তত মুখ্যমন্ত্রী সোণোৱালে সাংবাদিকৰ আগত স্পষ্টভাৱে কয় যে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব আৰু সন্ত্রাসবাদীৰ সৈতে আপোচ নহয়, বৰং কঠোৰ হাতেৰে সন্ত্রাসবাদ দমন কৰা হ'ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়— ‘প্রাথমিক তদন্তত বালাজান বজাৰৰ নৃশংস কাণ্ডত এন ডি এফ বি (ছ) জড়িত থকাটাে নিশ্চিত হৈছে। তথাপি আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে আৰু সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযানো চলি আছে। এই ঘটনাৰ আৰত যি শক্তিয়েই জড়িত নাথাকক কিয় সকলোকে বিচাৰি উলিওৱা হ’ব আৰু সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। নিৰীহ ব্যক্তিক আক্রমণ কৰা কাকো ৰেহাই দিয়া নহ’ব। আমাৰ চৰকাৰৰ নীতিয়েই হৈছে জনসাধাৰণক জীৱন, সা-সম্পত্তিৰ নিৰাপত্তা প্রদান কৰা। ৰাইজক আস্থাত লৈ আমি এই লক্ষ্যত আগবাঢ়ি যাম।
কোনো কাৰণতেই সন্ত্রাসবাদীৰ হিংসাত্মক কার্যকলাপ সহ্য কৰা নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীৰ সৈতে আজি বালাজান তিনিআলি বজাৰৰ ঘটনাস্থলীত সংগ দিয়ে ৰাজ্যৰ তিনিগৰাকীকৈ মন্ত্রী ক্রমে অতুল বৰা, ৰিহণ দৈমাৰী আৰু পল্লৱলোচন দাসে। উল্লেখযোগ্য যে আৱর্ত ভৱনত বড়ো সাহিত্য সভা, আছু, কোকৰাঝাৰ জিলা বি জে পি, আক্ৰাছু(হি), এ বি এমছু আদি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই নিৰাপত্তামূলক ব্যৱস্থা কটকটীয়া কৰাৰ দাবী জনাই সুকীয়া সুকীয়াকৈ মুখ্যমন্ত্রীক স্মাৰকপত্র প্রদান কৰে।
বালাজানৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ৰাজ্য চৰকাৰে ইতিমধ্যে পাঁচ লাখ টকা সাহায্য আৰু গুৰুতৰভাৱে আহতসকলক এক লাখ আৰু সামান্যভাৱে আহতসকলক বিশ হেজাৰকৈ টকাৰ সাহায্য মুকলি কৰি দিছে। উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালে আজি কোকৰাঝাৰৰ পৰা উভতি অহাৰ পিচত নিশা ৰাজভৱনলৈ গৈ ৰাজ্যপাল পি বি আচার্যক সাক্ষাত্ কৰে আৰু জিলাখনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বিষয়টাে অৱগত কৰোৱাৰ লগতে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা যাৱতীয় কার্যব্যৱস্থাৰ কথা জানিবলৈ দিয়ে।
0 comments:
Post a Comment