শীঘ্ৰে আৰম্ভ হ’ব নদীবান্ধৰ কাম




ৰাজ্যখনৰ বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁট কোটি টকা বৰঙণি আগবঢ়োৱা এন এইচ পি চিৰ অধ্যক্ষ কে এন সিঙে নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ নিৰ্মাণকার্য পুনৰ আৰম্ভ কৰাৰ ইংগিত দিছে। ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সম্ভাব্য ক্ষয়-ক্ষতিৰ আশংকাত এই বৃহত্ নদীবান্ধৰ তীব্র বিৰোধিতা কৰি অহাৰ বিপৰীতে বান্ধটোৰ নিৰ্মাণৰ দায়িত্বত থকা এন এইচ পি চিৰ অধ্যক্ষগৰাকীয়ে আজি দিছপুৰত সাংবাদিকৰ আগত এই বুলি দাবী কৰে যে এন এইচ পি চিৰ কোনো নদীবান্ধেই ভাগি পৰাৰ ৰেকর্ড নাই। ছিকিমৰ শেহতীয়া ভূমিকম্পতো এন এইচ পি চিৰ এটা বান্ধৰো ক্ষয়ক্ষতি নহ’ল। সেইফালৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুত্ প্রকল্পৰ ক্ষেত্ৰতো তেওঁ নিশ্চয়তা দাবী কৰি কয় যে গ্রীন ট্রিবিউনেলৰ সেউজ সংকেত পালেই দেশৰ ভিতৰতে অন্যতম বৃহত্ এই নদীবান্ধটোৰ কাম এন এইচ পিচিয়ে পুনৰ হাতত লব। এইক্ষেত্ৰত বিশেষজ্ঞ কমিটীৰো অনুমোদন লোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও দাবী সদৰি কৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment