হাগ্ৰামাৰ উপস্থিতিতেই বালাজানত অসম আৰক্ষী মুৰ্দাবাদ ধ্বনী
ৱেব ডেস্ক, ৭ আগষ্ট, ২০১৬ :
ৰাইজৰ মাজত আৰক্ষী, নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে উমি উমি জ্বলি আছে ক্ষোভ, অসন্তুষ্টি। এনে ক্ষোভ, অসন্তুষ্টিৰ আজি বহিঃপ্রকাশ ঘটে বালাজান তিনিআলিত। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ভ্ৰমণৰ প্রাক্ মূহুর্তত বালাজান তিনিআলি বজাৰত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, বি টি চিপ্রধান হাগ্রামা মহিলাৰীৰ সন্মুখতে আৰক্ষী, প্রশাসনৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে স্থানীয় ৰাইজে।

ক্ষোভিত ৰাইজে নিৰীহৰ হত্যাযজ্ঞ বন্ধ কৰক, অসম আৰক্ষী গ’বেক, অসম আৰক্ষী মুদাবাদ, নিৰাপত্তা দিব নোৱৰা অসম আৰক্ষী হায় হায় ধ্বনি দিয়ে। অৱশ্যে উক্ত স্থানত উপস্থিত থকা বি টি চিপ্রধান হাগ্রামা মহিলাৰীৰ বুজনিত পৰিস্থিতি শাম কাটে। উল্লেখযোগ্য যে ঘটনাৰ দিনা বালাজান বজাৰত আৰক্ষী কমেও চল্লিশ মিনিট পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷
চোৰ গ’লে বুদ্ধি, বৰষুণ গ'লে জাপিৰ লেখীয়া অসম আৰক্ষীয়ে বালাজানৰ পৰিত্যক্ত আৰক্ষী চকীটোত কালি নিশাৰে পৰা সশস্ত্র জোৱান নিয়োগ কৰিছে।
ইপিনে অসম আৰক্ষীৰ সঞ্চালকপ্রধান মুকেশ সহায়ে আজি কোকৰাঝাৰত সাংবাদিকৰ আগত কয় যে নিয়াই তদন্তত সহায় কৰাৰ বাবেহে ঘটনাস্থলীত উপস্থিত হৈ তথ্য সংগ্রহ কৰিছে। নিয়াক ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া-নিদিয়াতো ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব। আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে এইবুলিও কয় যে এন ডি এফ বি (ছ)ৰ দুর্ধর্ষ নেতা বি বিদাই আৰু বাথা সম্প্রতি ভূটানত আশ্রয় লৈ আছে।

আনহাতে বালাজান বজাৰত পৰহি আৰক্ষীৰ গুলীত নিহত উগ্রপন্থী মঞ্জয় ইছলাৰীক পিতৃ-মাতৃয়ে চিনাক্ত কৰিব নোৱৰা সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে কয় যে মৃতদেহটোৰ মুখমণ্ডলত আঘাত থকা বাবে আৰু পৰিয়ালৰ লোকে মঞ্জয়ক দহ-বাৰ বছৰ নেদেখাৰ বাবে মৃতদেহ চিনাক্ত কৰাত অসুবিধা হ’ব পাৰে। মঞ্জয়ৰ ডি এন এ পৰীক্ষা কৰা হ’ব বুলিও কয় আৰক্ষী সঞ্চালকপ্রধানে।
আনহাতে, মঞ্জয়ক তিনি-চাৰিদিন আগতে আৰক্ষীয়ে আটক কৰাৰ খবৰ পোৱা বুলি পৰিয়ালৰ লোকে কৰা মন্তব্য সন্দৰ্ভত ৰাজ্যৰ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ঘটনাৰ দিনা বহুতেই অস্ত্ৰধাৰী লোকজনক টেম্পত অহা, বজাৰত গুলীচালনা কৰা দেখিছে, গতিকে উগ্রপন্থীজনক আগতে আটক কৰা কথাটো সঁচা নহয়।
বালাজানৰ ঘটনাৰ পিচত বি টি এ ডিৰ পৰা এন ডি এফ বি (ছ) তথা অন্যান্য উগ্রপন্থী সংগঠনক পুলিয়ে-পোখাই উভলাৰ বাবে কাইলৈৰ পৰা অঞ্চলটোত তীব্রতৰ হ’ব উগ্রপন্থীবিৰোধী অভিযান। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে অসম আৰক্ষী, অর্ধসামৰিক বাহিনী আৰু সেনা।
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি কোকৰাঝাৰৰ আৱর্ত ভৱনত সেনা-আৰক্ষী, নিৰাপত্তা বাহিনীৰ শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উগ্রপন্থীবিৰোধী অভিযান তীব্রতৰ কৰাৰ নির্দেশ দিছে। ইতিমধ্যে জিলাখনৰ অৰ্ধসামৰিক বাহিনীৰ তিনিটা বাহিনী উপস্থিত হৈছে আৰু আন চাৰিটা কোম্পানী কাইলৈৰ ভিতৰত জিলাখনত উপস্থিত হ’ব। ইতিমধ্যে অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়নৰ জোৱান উগ্রপন্থীবিৰোধী অভিযানৰ বাবে বি টি এ ডিত উপস্থিত হৈছে। আৰক্ষীৰ জোৱানসকলক অভিযানৰ বাবে সাজু কৰিবলৈ বি টি এ ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান ড° এল আৰ বিষ্ণয়ে আজি শিবিৰসমূহ পৰিদৰ্শন কৰি জোৱানসকলৰ প্রশিক্ষণৰ বুজ লয়। বালাজানত স্থাপন কৰা আৰক্ষী শিবিৰত উপস্থিত হৈ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে এজন এজনকৈ জোৱানক গুলীচালনাৰ কচৰত্ কৰাৰ নির্দেশ দিয়ে।

অৱশ্যে একাংশ জোৱানৰ অপাৰদৰ্শিতাত তেওঁ অসন্তুষ্টি ব্যক্ত কৰে। উল্লেখযোগ্য যে বালাজানৰ পৰিত্যক্ত আৰক্ষী চকীৰ গৃহত থাকিবলৈ দিয়া বেটেলিয়নৰ জোৱানসকলৰ বাবে ঘৰটোত বিদ্যুত্, খোৱা পানীৰ ব্যৱস্থা নাই। পূর্বতে এই আৰক্ষী চকীটােত উগ্রপন্থীয়ে আক্রমণ কৰিছিল। অৱশ্যে কাইলৈৰ ভিতৰত আৰক্ষী চকীখনৰ পৰিত্যক্ত গৃহত জোৱানসকলৰ বাবে নু্যনতম সা-সুবিধাকণ প্রদান কৰিব বুলি অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান বিষ্ণয়ে প্রকাশ কৰিছে। ইতিমধ্যে বালাজানত স্থাপন কৰা শিবিৰকে ধৰি অন্যান্য স্থানৰ পৰা আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে উগ্রপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
0 comments:
Post a Comment