:
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বঙাইগাঁও¸ চিৰাং¸ উত্তৰ শালমাৰা আৰু বিজনী জিলা সমিতিৰ যৌথ উদ্যোগত বিদেশী ন্যায়াধীকৰণত চলি থকা 'ডি' ভোটাৰ আৰু বিদেশী গোচৰ সন্দৰ্ভত বঙাইগাঁওস্থিত জাহ্নবী হোটেল সভাকক্ষত দুপৰীয়া ১ বজাত এখনি বিশেষ নাগৰিক কৰ্মশালা অনুষ্ঠিত কৰে। বঙাইগাঁও জিলা আমছুৰ প্ৰাক্তন সভাপতি ছাইফুল ইছলাম তালুকদাৰৰ সভাপতিত্বত আৰু আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত আজিৰ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকল ক্ৰমে আব্দুৰ ৰহমান শিকদাৰ, আব্দুল মতিন আহমেদ, মোস্তাফা খাদ্দাম হুছেইন¸ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আজিজুৰ ৰহমান, উপ সভাপতি মনোৱাৰ হুছেইন, সাধাৰণ সম্পাদদ্বয়- আইনুদ্দিন আহমেদ¸ ৰেজাউল কৰিম সৰকাৰ, সাংগঠনিক সম্পাদক মফিজুল হক, প্ৰচাৰ সম্পাদক কোৰাণ আলী৷
উক্ত গুৰুত্বপূৰ্ণ সভাখনত বিজনী¸ বঙাইগাঁও¸ অভয়াপুৰী আৰু কাজলগাওঁ আদালতৰ প্ৰায় শতাধিক আধিবক্তা উপস্থিত থাকে। অধিবক্তাৰ সমান্তৰালকৈ বঙাইগাঁও¸ চিৰাং¸ বিজনী আৰু উত্তৰ শালমাৰা অঞ্চলৰ প্ৰায় দুইশতাধিক বুদ্ধিজীৱী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।
0 comments:
Post a Comment