ফেচবুকত 'জৱ ছাৰ্ভিচ গুৱাহাটী' নামেৰে এটি ক্ল'জ গ্ৰুপ দুজন পাকিস্তানৰ যুৱকে চলাই থকাৰ বাতৰি পোৱা হৈছে। পাকিস্থানৰ বাসিন্দা শ্বাহ জেইন ঈশ্বাক ওৰফে জেক প্ৰিন্স আৰু তৈয়ব জামিল ওৰফে ভূট্তো নামৰ যুৱক দুজনে এই গ্ৰুপটো আৰম্ভ কৰিছিল এবছৰ পূৰ্বে। বৰ্তমান গ্ৰুপটোৰ সদস্য সংখ্যা প্ৰায় ২৯ হাজাৰ। গ্ৰুপটোৰ জৰিয়তে চাকৰিৰ তথ্য আদান প্ৰদান কৰা হৈ আছে । যি সময়ত আইছিছিকে ধৰি অধিকাংশ জেহাদীয়ে ছছিয়েল মিডিয়াক ব্যৱহাৰ কৰি জেহাদীৰ প্ৰতি একাংশ যুৱকক আকৰ্ষিত কৰিছে, তেনে সময়তে পাকিস্তানৰ এই দুজন যুৱকৰ কাৰ্য্য কালাপক লৈ বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে। এই লৈ সেই বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment