ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ::: দৰমহা বাঢ়িব

নতুন দিল্লীত ৰাজ্যৰ বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনোৱা সপ্তম দৰমহা আয়োগ অচিৰেই অসমত প্ৰযোজ্য হব। সপ্তম দৰমহা আয়োগ অসমত প্ৰযোজ্য হলে কেন্দ্ৰীয় চৰকাৰৰ সম নিৰিখত ৰাজ্যৰ কৰ্মচাৰী সকলেও দৰমহা লাভ কৰিব । অহা বছৰৰ পৰা এয়া কাৰ্যকৰী হব। ইয়াৰ বাবে চৰকাৰক অতিৰিক্ত ৫ হেজাৰ কোটি টকাৰ আৱশ্যক হব। এই ধন ৰাশি তেলৰ ৰয়েল্টী আৰু চৰকাৰে প্ৰযোজ্য কৰিব বিচৰা এক শতাংশ ভেটৰ পৰা আহিব ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment