ফুটবলাৰ মেছিৰ কৰ ফাঁকি :: কাৰাণ্ডৰ আদেশ

আৰ্জেন্টিনা আৰু বাৰ্চিলোনাৰ ফুটবল তাৰকা তথা দুভৰিৰ যাদুৰে বিশ্ববাসীক মোহাচ্ছন্ন কৰি ৰখা লিয়'নেল মেছিক বিহা হৈছে ২১ মাহৰ কাৰাদণ্ড। তেখেতৰ লগতে পিতৃ জৰ্জ মেছিকো ২০০৭ চনৰ পৰা ২০০৯ চনলৈ কৰ ফাঁকি দিয়াৰ অপৰাধীত কাৰাদণ্ড বিহা হৈছে। মেছিক ১৪.৯৫ কোটি টকা আৰু পিতৃক ১১.২১ কোটি টকাৰ জৰিমনাও বিহিছে আদালতে। ২৯ বছৰীয়া মেছিয়ে উক্ত সময় ছোৱাত ৩১.৪০ কোটি টকাৰ কৰ ফাঁকি দিছিল ।পাছ বাৰকৈ বিশ্ব শ্ৰেষ্ঠ ফুটবলাৰৰ খিতাপ অৰ্জ��ন কৰা মেছিৰ এই কাণ্ডই হতবাক কৰিছে তেওঁৰ অনুৰাগী সকলক। অৱশ্যে মেছিয়ে এই শাস্তিৰ পৰা ৰেহাই পাবলৈ স্পেইনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment