ৰাজ্য চৰকাৰে কৰ বৃদ্ধি কৰিলে::মূল্য বৃদ্ধি হব সামগ্ৰীৰ

সোণোৱাল চৰকাৰে ভেট বৃদ্ধি কৰিলে। পূৰ্বৰ ৫% ৰ পৰা ৬% লৈ ভেট বৃদ্ধি কৰাত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হব। এই ভেট বৃদ্ধিৰ ফলত জীৱনদায়িনী ঔষধ , ছাৰ্জিকেল সামগ্ৰী , পেট্ৰ'ল- ডিজেল, চেনী, দাইল, প্লাইউড, গাড়ী, ধঁপাত জাতীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব। প্ৰতি মাহত কেবল টিভিৰ আমোদ কৰ ২০ টকাকৈ অতিৰিক্ত দিব লাগিব । হোটেলত কেবল টিভিৰ বাবে ৫০ টকা অতিৰিক্ত দিব লাগিব । এই কৰ বৃদ্ধিৰ ফলত পেট্ৰ'লত ৭৩ পইছা, ডিজেলত ১.৬২ টকা আৰু ১৪ টকা বৃদ্ধি হব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment