বিশ্বৰ বিজ্ঞানী মহলে ভাৰত আৰু বাংলাদেশত অচিৰে ভয়াবহ ভূমিকম্প হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । এই ভূমিকম্পৰ উৎপত্তি স্থল বাংলাদেশ যদিও ভাৰতবৰ্ষতো ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব। বিশ্বৰ কেবা গৰাকী গৱেষকে গৱেষণাৰ অন্তত নিউয়ৰ্কত প্ৰকাশ কৰা মতে বাংলাদেশকে ধৰি ভাৰতবর্ষৰ মুঠ ১৪০ মিলিয়ন লোক এই ভূমিকম্পৰ কবলত পৰিব ।।এই ভূমিকম্পৰ প্ৰভাৱ গঙ্গা আৰু ব্ৰহ্মপুত্ৰ নদীটো বিশেষ ভাৱে পৰিব। আমেৰিকাৰ কলম্বো বিশ্ববিদ্যালয়ৰ ভূতত্ববিদ তথা ভূমিকম্প বিশেষজ্ঞ মাইকেল ষ্টিকলাৰে গৱেষক দলটোৰ হৈ ভূমিকম্পৰ এই আগজাননী দিলেও কিন্তু ভূমিকম্পৰ হোৱাৰ দিন আৰু সময় নিদ্ধাৰণ কৰি দিয়া নাই ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment