কাৰ কেনেকৈ মৃত্যু হয় কোনেও নাজানে:: গুজৰাটত অদ্ভুত মৃত্যু

সচাঁ কৈয়ে বিচিত্ৰ এই পৃথিৱী। মৃত্যুত যে কাৰো হাত নাই তাক পুনৰ বাৰ প্ৰমাণ হল গুজৰাটত।  ৰাজ্যখনৰ ৰাজকোটৰ ৰামধানত পত্নীৰ হেঁচাত পতি -পত্নীৰ মৃত্যু হয়। চহৰখনৰ আবাসীক অঞ্চলৰ কেবা মহলীয়া বিল্ডিংত ৬৮ বছৰীয়া নটৱৰ লাল পত্নী মঞ্জুলা ভিঠলানীৰ সৈতে বাস কৰে। পত্নী মঞ্জুলাৰ ওজন আছিল ১২৮ কিলো । সোমবাৰে নিশা দুয়ো ওপৰ মহলালৈ উঠি থাকোতে ভৰি পিছলি মহিলা গৰাকী পতিৰ ওপৰত পৰি যোৱাত এক প্ৰকাৰ চেপেতা হৈ পৰে নটৱাৰ লাল। ফলত  গুৰুতৰ ভাৱে আহত হয় পতি পত্নী । দুয়োকে চিকিৎসালয় লৈ নিয়া হয় যদিও দুয়োৰে মৃত্যু হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment