সন্ত্ৰাসবাদী কাৰ্যকালাপ বৃদ্ধিৰ ব্লুপ্ৰিন্ট::: ব্যাপক হাৰত সদস্য ভৰ্তি

দুৰ্ধৰ্ষ  সন্ত্ৰাসবাদী সংগঠন আইছিছ আৰু জামাত উল মুতাহিদীন বাংলাদেশ চমুকৈ জে এম বিয়ে পশ্চিম বঙ্গৰ বাংলাদেশ সীমান্ত জিলাকেইখনত ব্যাপক হাৰত সদস্য ভৰ্তি অভিযান চলাই আছে। এইক্ষেত্ৰত জে এম বিয়ে মুখ্যত  টাৰ্গেট হিচাবে  লৈছে মুছলমান সম্প্ৰদায়ৰ নিৱনুৱা যুৱক যুৱতী সকলক। আইছিছেও ঠিক তেনেকৈয়ে ভাৰতত ভেটি সবল কৰিবলৈ একে পদ্ধতিকে অৱলম্বন কৰিছে ।বাংলাদেশৰ সীমান্ত জিলা বৰ্ধমান, মুৰ্ছিদাবাদ আৰু বীৰ ভূমিত সংগঠন দুটি বৰ্তমান সক্ৰিয় হৈ পৰিছে। সংগঠন দুটিৰ পৰা প্ৰচাৰ চলোৱা হৈছে-- যুদ্ধত অংশ লবলৈ ইৰাক অথবা চিৰিয়ালৈ যোৱাৰ প্ৰয়োজন নাই। নিজ বাসস্থানত থাকিয়ে জেহাদত অংশ লব পাৰি । সংগঠন দুটিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ছিৰিয়া, ইৰাক অথবা বাংলাদেশৰ পৰা সদস্য ভৰ্তি কৰি আছে বুলি চি আই ডিৰ এক সূত্ৰত প্ৰকাশ ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment