দিল্লীৰ পৰা নিয়ন্ত্ৰিত হয় ক্ৰিকেটৰ জুৱা:: এজনক আটক

অসমত ক্ৰিকেট খেলক লৈ চলা জুৱা দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয়। এই কথা পোহৰলৈ আহিছে কালি বৰপেটাৰোডত আৰক্ষীয়ে আটক কৰা এজন বুকীৰ পৰা। আৰক্ষীয়ে যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি বৰপেটাৰোডৰ মানাস গেষ্ট হাউছৰ পৰা দিল্লীৰ যোগেশ কুমাৰক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি এই যুৱক জনৰ লগতে এটি দলে দিল্লীৰ পৰা অসমত ক্ৰিকেটক লৈ চলা জুৱা দীৰ্ঘদিন ধৰি চলাই আহিছিল । যুৱক জনৰ পৰা আৰক্ষীয়ে ১২ টা মোবাইল ফোন, ২টা লেপটপ, ১৮খন চিম কাৰ্ড, ২ টা কেলকুলেটৰ জব্দ কৰিছে । জানিব পৰা মতে এই দলটোৱে হোটেল সাল সলনি কৰি এই জুৱা খেল নিয়ন্ত্ৰণ কৰি থাকে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment