
বাংলাদেশৰ বামুণবাৰীৰ নাছিৰ নগৰত মন্দিৰ আৰু হিন্দু লোকৰ বাসগৃহত ভয়াৱহ আক্ৰমণৰ পাছতেই আতংকিত হৈ ছটা হিন্দু পৰিয়ালে ভাৰতত আশ্রয় লৈছে। নাছিৰ নগৰৰ একাংশ লোকে হিন্দু ধর্মাৱলম্বী ছটা পৰিয়ালে ভাৰতত আশ্রয় লোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে যোৱা দেওবাৰে ১৫টাতকৈ অধিক মন্দিৰ ভাঙি-ছিঙি লুটপাত কৰাৰ লগতে বাসগৃহ আক্ৰমণত ১০০তকৈ অধিক শিশু-মহিলা দুস্কৃতিকাৰীৰ আতিশয্যৰ বলি হৈছিল। এই আতংকতেই উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে। উল্লেখ্য যে নাছিৰ নগৰৰ হৰিপুৰ গাঁৱৰ এজন যুৱকে ফেচবুকত আপলোড কৰা বিতর্কিত এখন ছবিয়ে ইছলাম ধৰ্মক অৱমাননা কৰাৰ অভিযোগ তুলি উক্ত অঞ্চলত হিন্দু ধর্মাৱলম্বী লোকৰ বাসগৃহ আৰু মন্দিৰত আক্রমণ কৰা হৈছিল। আনহাতে হিন্দু ধর্মাৱলম্বী লোকক আক্রমণ কৰা ঘটনা সন্দৰ্ভত তীক্ষ দৃষ্টি ৰাখিছে প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ কাৰ্যালয়ে।
0 comments:
Post a Comment