জি এছ টি পৰিষদে অহা বৰ্ষৰ ১ এপ্রিলৰ পৰা বলৱৎ কৰাৰ লক্ষ্য লৈ অত্যাৱশ্যকীয় সামগ্ৰীত নিম্ন বিলাসী সামগ্ৰীত উচ্চতম হাৰ নিৰ্ধাৰণেৰে চাৰি তৰপীয়া জি এছ টি কৰি গাঁথনি চূড়ান্ত কৰিলে । জি এছ টি পৰিষদে অত্যাৱশ্যকীয় সামগ্ৰীত নিম্ন আৰু বিলাসী সামগ্ৰী-উপকাৰীহীন সামগ্ৰীত উচ্চতম হাৰ নিৰ্ধাৰণেৰে চূড়ান্ত কৰা জি এছ টি কৰি গাঁথনি হৈছে ৫, ১২, ১৮ আৰু ২৮ শতাংশ আৰু এই কৰ গাঁথনিৰ ওপৰত অতিৰিক্ত উপকৰ সন্নিৱিষ্ট কৰা হ’ব। কালি নতুন দিল্লীত জি এছ টি পৰিষদৰ মুৰব্বী তথা কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জোঁটলিয়ে এখন সংবাদ মেলত জি এছ টি পৰিষদৰ এই চূড়ান্ত সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয়— সাধাৰণ ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত নূ্যনতম ৫ শতাংশ কৰি নিৰ্ধাৰণ কৰাৰ লগতে জি এছ টিৰ অধীনত দুটা পৃথক হাৰ ১২ আৰু ১৮ শতাংশও নির্ধাৰণ কৰা হৈছে। কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয় যে উচ্চতম হাৰৰ কৰ গাঁথনি বর্তমান ৩০-৩১ শতাংশ (আবকাৰী কৰা + ভেট) কৰত অন্তৰ্ভুক্ত সামগ্ৰীসমূহত বলৱৎ হ’ব। বিলাসী গাড়ী, ধপাত আৰু পানীয় আদিক উচ্চতম কৰ গাঁথনিত সন্নিৱিষ্ট কৰা হ'ব। উল্লেখ্য যে উপকাৰহীন সামগ্ৰীৰ ভিতৰত ধপাত, সুৰা আদি পৰিব। আনপিনে মুদ্রাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰীক্ষণৰ অন্তত খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহক শূন্য হাৰৰ কৰত ৰখা হ’ব, যিবােৰ ইতিমধ্যে গ্রাহক মুদ্রাস্ফীতি বাকচত ৰখা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment