
সীমান্তৰ সিপাৰৰ পৰা সেনাক আক্রমণ কৰিলে তাৰ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ ভাৰতীয় সেনাৰ আছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পাছতেই কালি জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি ভঙ্গ কৰি গুলিচালনা কৰাৰ সময়ত সাতজন পাকিস্তানী সেনা,এজন সন্ত্রাসবাদীক গু হত্যা কৰে বি এছ এফে। জম্মুৰ কৰিব চীনে পৰা ৯০ কিলোমিটাৰ নিলগৰ কঠুৱা বুধবাৰে নিশা সীমান্তৰ সিপাৰৰ পৰা বন্দুকধাৰীয়ে অপ্ৰৰােচিতভাৱে গুলীচালনা কৰাৰ পাছত উক্ত সীমান্তত থকা বি এছ এফৰ চকীত কৰ্মৰত জোৱানে প্রত্যুত্তৰ দি এজন সন্ত্রাসবাদী আৰু সাতজন পাকিস্তানী সেনাক নিহত কৰে। এই গুলীচালনাৰ সময়ত এজন বি এছ এফৰ জোৱান গুৰুতৰভাৱে আহত হয় আৰু আহত জোৱানজনক ততালিকে উক্ত স্থানৰ পৰা এয়াৰ এম্বুলেন্সেৰে উন্নত চিকিৎসাৰ বাবে জন্মলৈ অনা হয়।
0 comments:
Post a Comment