
চীনে পাকিস্তানক ৮খন যুঁজাৰু ছাবমেৰিন বিক্ৰীৰ সিদ্ধান্ত গ্রহণ কৰিছে। যুদ্ধ সামগ্ৰীক লৈ বিশ্বস্ত সহযোগী আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে পাকিস্তানৰ মতবিৰােধ ঘটাৰ সুযোগ গ্রহণ কৰি ভাৰতৰ সৈতে কূটনৈতিক যুঁজত লিপ্ত থকা চীনে পাকিস্তানৰ সৈতে ৫ বিলিয়ন ডলাৰৰ সামৰিক চুক্তি সম্পন্ন কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সহযোগী দেশ পাকিস্তানৰ সৈতে বেইজিঙৰ অন্যতম বৃহৎ সামৰিক চুক্তি হিচাপে পৰিগণিত হােৱা চুক্তি মতে ২০২৩ চনৰ ভিতৰত প্রথম চাৰিখন ছাবমেৰিন যোগান ধৰিব আৰু বাকীকেইখন ২০২৮ চনৰ ভিতৰত সম্পূর্ণ কৰিব। চীনৰ চৰকাৰী প্ৰচাৰ মাধ্যমত সামৰিক বাহিনীৰ চৰকাৰী ৱেবছাইটত দীর্ঘদিন ধৰি চলি থকা পাকিস্তানৰ সৈতে চীনৰ সামৰিক চুক্তিখন সম্পন্ন হােৱা বুলি চীন শ্বিপবিল্ডিং ইণ্ডাষ্ট্র কৰ্প’ৰেচনৰ অধ্যক্ষ হু ৱেনমিঙৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে। যোৱা ১২ অক্টোবৰত চীন শ্বিপবিল্ডিং ইণ্ডাষ্ট্ৰী কৰ্প’ৰেচনে চুক্তি সন্দৰ্ভত বিতং আলোচনা কৰাৰ অন্তত পাকিস্তানলৈ ৮খন যুঁজাৰু ছাবমেৰিন ৰপ্তানি কৰাৰ সিদ্ধান্তত উপনীত হয়। উল্লেখ্য যে আগষ্ট মাহত পাকিস্তান সংসদৰ প্ৰতিৰক্ষাৰ ষ্টেণ্ডিং কমিটীৰ সদস্যক চীনৰ আঠখন ছাবমেৰিন চুক্তি সন্দৰ্ভত নৌসেনা বিষয়াই অৱগত কৰিছিল। ইয়াৰে ডিজেল ইলেক্টিক ছাবমেৰিন চাৰিখন কৰাচী শ্বিপয়ার্ড আৰু ইঞ্জিনীয়াৰিং ৱৰ্কছত নির্মাণ কৰা হ’ব বুলিও নৌসেনা বিষয়াই অৱগত কৰিছিল। এতিয়ালৈকে দুই দেশৰ মাজত কি আৰ্হিৰ যুঁজাৰু ছাবমেৰিনৰ লেনদেন হ’ব, তাক নিশ্চিত কৰা নাই যদিও চৰ্চা মতে চীনা নৌবাহিনীৰ টাইপ-০৩৯ আৰু টাইপ-০৪১ ফুৱান শ্ৰেণীৰ ছাবমেৰিন যোগান ধৰিব। গুৰুত্বপূর্ণ যে পাকিস্তানক সামৰিক সামগ্ৰী যোগান ধৰি থকা বৃহত্তম দেশ চীনে উল্লিখিত ছাবমেৰিন চুক্তিৰ ধন পাকিস্তানক কম সুন্দৰ হাৰত প্রদানো কৰিব।
0 comments:
Post a Comment